ৰাজ্যৰ ৬গৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াৰ ৰদ-বদল...

নতুন বছৰত ৰাজ্যৰ বহুকেইগৰাকী প্ৰশাসনিক বিষয়াৰ পদোন্নতিৰ লগতে দৰমহাও বৃদ্ধি পাব। ৰাজ্যপালৰ নিৰ্দেশনাত শেহতীয়া অসম সচিবালয়ে প্ৰকাশ কৰা এক জাননী অনুসৰি, ৰাজ্য চৰকাৰৰ ৬গৰাকী উচ্চ পদস্থ

author-image
Asomiya Pratidin
New Update
jdjdj

ডিজিটেল ডেস্কঃ নতুন বছৰত ৰাজ্যৰ বহুকেইগৰাকী প্ৰশাসনিক বিষয়াৰ পদোন্নতিৰ লগতে কেইবাগৰাকীকো প্ৰেৰণ কৰা হ'ব ডেপুটেশ্যনলৈ।  ৰাজ্যপালৰ নিৰ্দেশনাত শেহতীয়া অসম সচিবালয়ে প্ৰকাশ কৰা এক জাননী অনুসৰি, ৰাজ্য চৰকাৰৰ ৪ গৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰ বাবে নতুন বছৰত আহিব ভাল খবৰ।

প্ৰকাশ পোৱা নিৰ্দেশনা অনুসৰি, আই এ এছ ১৪নং লেবেলত নতুন বছৰত দৰমহা লাভ কৰিব এই বিষয়াসকলে। তেওঁলোকৰ বদ্ধিত পে' স্কেল হ'ব ১,৪৪,২০০ - ২,১৮,২০০টকা। দৰমহাৰ উপৰি তেওঁলোকৰ আনুসংগিক অন্য সা-সুবিধা সমূহো লাভ কৰিব।

ৰাজ্যৰ  শীৰ্ষ প্ৰশাসনিক বিষয়া আই এ এছ লায়া মাধুৰী আৰু আই এ এছ ড০ কৰুণা কুমাৰীকো ডেপুটেশ্যনলৈ প্ৰেৰণ কৰা হৈছে। আনফালে বাকী ৪গৰাকী উচ্চ প্ৰশাসনিক বিষয়াক পদোন্নতি দিয়া হৈছে।  অসম উচ্চ আৰু প্ৰাথমিক শিক্ষাৰ সচিব আই এ এছ নাৰায়ণ কোঁৱকো পদোন্নতিসহ ১৪নং লেবেলৰ দৰমহাত অন্তভূক্ত কৰা হৈছে।  

আই এ এছ বিণীতা পেগুক সামাজিক ন্যায়, ভৈয়াম জনজাতি উন্নয়নৰ দৰে বিভাগৰ সচিব আৰু আয়ুক্তৰ  দায়িত্ব অৰ্পন কৰা হৈছে।  আই এ এছ পাৰ্থ প্ৰতীম মজুমদাৰক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগতে মহিলা-শিশু উন্নয়ন বিভাগৰ সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে।

পাৰ্থ প্ৰতীম মজুমদাৰক আন এক গুৰু দায়িত্বও অৰ্পন কৰা হৈছে।  এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বও অৰ্পন কৰা হৈছে এইগৰাকী বিষয়াৰ কান্ধত। আনহাতে আই এ এছ নন্দিতা দত্তক অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ আয়ুক্ত সচিব পদত অধিষ্ঠিত কৰা হৈছে। 

অসম চৰকাৰ অসম চৰকাৰৰ কেবিনেট