/asomiyapratidin/media/media_files/2025/09/20/ikkkd-2025-09-20-11-24-49.jpg)
ডিজিটেল ডেস্কঃ কাহিলীপাৰা ঘৰখনলৈ মাহত ২বাৰ নাইবা ৩বাৰ মানহে আহিছিল জুবিন দা। যেতিয়াই আহে ঘৰখনত এটা বেলেগ পৰিবেশৰ সৃষ্টি হয়। তেওঁ ভাল পোৱা খানা বনাই দিব লাগে। যিমানেই ৰাতি নহওঁক কিয়, দেউতাৰ সৈতে কথা নপতাকৈ কোনো দিন তেওঁ নাযায়।' এয়া চন্দনৰ ভাষ্য। গোলকগঞ্জৰ চন্দনে থোকাথুকি মাতেৰে প্ৰতিদিন ডিজিটেলত ক'লে এই কথাবোৰ।
চন্দন মাহাতে প্ৰায় ডেৰ বছৰ ধৰি থাকে জুবিনৰ পিতৃৰ সৈতে। প্ৰতিটো কামতে ছাঁৰ দৰে লাগি থাকে কপিল ঠাকুৰৰ লগত। জুবিনে প্ৰায়ে দেউতাকৰ স্বাস্থ্যৰ খবৰ চন্দনকেই সুধিছিল। কিবা খাবলৈ মন গ'লে চন্দনকেই কৈছিল বনাই থবলৈ। প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা বাৰ্তালাপত চন্দনে লগতে কলে- লাষ্ট ১৪ছেপ্টেম্বৰত দেউতাৰ ওচৰলৈ আহিছিল জুবিন দা। দুয়ো বহু সময় কথা পাতিছিল। ইংৰাজীত কথা পাতে দুয়ো। আমি বুজিয়ে নাপাও।
জুবিনৰ মৃত্যুৰ খবৰ পাই ঘৰলৈ যোৱা চন্দন নিশাই ৰেলত উঠি আহিছে গুৱাহাটীলৈ। চন্দনৰ বাদে কপিল ঠাকুৰক ভালকৈ আলপৈচান ধৰিব পৰা কোনো নাই বাবেই পৰিয়ালৰ তৰফৰ পৰাও চন্দনক নিশা মাতি পঠোৱা হৈছে। ৰেল ধৰিবলৈ লৰালৰিকৈ অহা চন্দনে শেষ ক'লে- জুবিন দা বহুত ভাল মানুহ নাছিল। কোনো ভেম নাছিল। মোৰ মন গলেই তেওঁ মোৰ লগত ফটো উঠিছিল। তেওঁ নিচিনা মানুহ কিজানি আৰু নাপাম...