কাজলগাঁৱত নৱনিৰ্মিত বড়ো মিউজিয়াম উদ্বোধন

বড়ো জনগোষ্ঠীয় লোক সকলৰ দৈনন্দিন জীৱনত ব্যবহৃত পৰম্পৰাগত সা-সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰচলিত বাদ্যযন্ত্ৰ, হস্ততাঁত, হস্তশিল্প আদি এই মিউজিয়ামত সংৰক্ষণ কৰাৰ ব্যবস্থা কৰা হৈছে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং: বড়ো ৰাইটাৰ্ছ একাডেমীৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱত নৱনিৰ্মিত "বড়ো মিউজিয়াম" গৃহৰ উদঘাটন কৰা হয় । আজিৰ এই বড়ো মিউজিয়ামৰ শুভ উদ্বোধন কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই।

বড়ো জনগোষ্ঠীয় লোক সকলৰ দৈনন্দিন জীৱনত ব্যবহৃত পৰম্পৰাগত সা-সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰচলিত বাদ্যযন্ত্ৰ, হস্ততাঁত, হস্তশিল্প আদি এই মিউজিয়ামত সংৰক্ষণ কৰাৰ ব্যবস্থা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে বড়ো ৰাইটাৰ্ছ একাডেমীৰ সভাপতি ৰাজেন বসুমতাৰীয়ে ।

বড়ো ৰাইটাৰ্ছ একাডেমীয়ে বড়ো জাতীয় জীৱনৰ সৈতে জড়িত বহু কেইটা পৰিকল্পনা যুগুত কৰিছিল তাৰে ভিতৰত এই বড়ো মিউজিয়াম অন্যতম আছিলে আৰু এটা পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছো বুলি দাবী কৰে। আজিৰ এই বড়ো মিউজিয়াম উদ্বোধন কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় । 

সভাত বড়ো ৰাইটাৰ্ছ একাডেমীৰ ফালৰ পৰা প্ৰকাশিত বিষম্বি নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে আমন্ত্ৰিত অতিথি পানীৰাম ব্ৰহ্মই। আজিৰ এই উদ্বোধনী অনুষ্ঠানত যোগদান কৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে ক্ৰমবৰ্দ্ধমান আধুনিক জীৱনশৈলী কৱলত পৰি বড়ো সকলৰ পৰম্পৰাগত বহু সা-সামগ্ৰী বিলুপ্তিৰ গৰাহৰ গুচি গৈছে ।

বড়ো সকলৰ সেইপৰম্পৰাগত দৈনন্দিন জীৱনত ব্যবহৃত সা-সামগ্ৰী সমূহ সংৰক্ষণ কৰি এই মিউজিয়ামত ৰখাৰ ব্যবস্থা কৰা হৈছে আৰু নতুন প্ৰজন্মই যাতে আহি তেওঁলোকৰ পৰম্পৰাগত সা-সামগ্ৰীখিনি চাবলৈ পায় আৰু চিনাকী হোৱা সুযোগ কৰে বুলি মন্তব্য কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই।

আমি বিটিচি প্ৰশাসনৰ পৰা বড়ো ৰাইটাৰ্ছ একাডেমীৰ এই প্ৰচেষ্টাক শলাগ লৈছো আৰু আগলৈ তেওঁলোকৰ এই প্ৰচেষ্টাক আৰু অধিক আকৰ্ষিত মিউজিয়াম হিচাপে গঢ় দিবলৈ বিটিচি ফালৰ নিশ্চিত ভাবে সহায় সহযোগ আগবঢ়োৱা হব বুলি মন্তব্য কৰে ।

আজিৰ এই উদ্বোধন অনুষ্ঠানত বিজনী স্থিত ৰূপালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে বড়ো সকলৰ পৰম্পৰাগত নৃত্য গীত পৰিবেশন কৰি উপস্থিত লোক সকলৰ মন জয় কৰে । আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি সকলৰ সৈতে উপস্থিত আছিল বিপিএফ দলৰ কেন্দ্ৰীয় উপ সভাপতি শুদ্ধ বসুমতাৰী, পাৰিষদ শুকুৰসিং মুছাহাৰী উপস্থিত আছিল।

কাজলগাঁও