/asomiyapratidin/media/media_files/2025/12/30/1-2025-12-30-14-19-48.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া ছবিৰ জৰিয়তে বিশ্ব দৰবাৰত চৰ্চিত পৰিচালক ৰীমা দাসে পুনৰ এবাৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ পৰিচালিত 'ভিলেজ ৰকষ্টাৰ্ছ ২' ছবিখনৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ 'নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন' (NYWIFT) বঁটা লাভ কৰিছে।
চলিত বৰ্ষত বিশ্বৰ ১১ গৰাকী অগ্ৰণী মহিলা চলচ্চিত্ৰ নিৰ্মাতাক এই সন্মান প্ৰদান কৰা হৈছে, যাৰ ভিতৰত ৰীমা দাস অন্যতম। এই সফলতাৰ পিছতে ৰীমা দাসে আনন্দ প্ৰকাশ কৰি সামাজিক মাধ্যমত কয়, "এই সন্মান কেৱল মোৰ বাবে নহয়, বৰঞ্চ আমাৰ মাটিৰ কাহিনী, আমাৰ জীৱনৰ বাস্তৱ আৰু আমাৰ কণ্ঠস্বৰবোৰ সীমা অতিক্ৰমি বিশ্ববাসীৰ ওচৰলৈ যোৱাৰ এক স্বীকৃতি। এই যাত্ৰাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ।"
উল্লেখ্য যে, ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ প্ৰথমটো খণ্ডই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে অস্কাৰলৈ ভাৰতৰ আধিকাৰিক প্ৰৱেশ (Official Entry) লাভ কৰিছিল। এতিয়া 'ভিলেজ ৰকষ্টাৰ্ছ ২'ৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মানে অসমীয়া চিনেমাৰ মানচিত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us