/asomiyapratidin/media/media_files/2026/01/01/new-ap-web-1-36-2026-01-01-09-16-07.jpg)
- অসমীয়া প্ৰতিদিন ডিজিটেল
নতুন মানেই আশাৰ ৰেঙনি
নতুন মানেই সম্ভাৱনাৰ চিকমিকনি
নতুন মানেই শুভ আৰম্ভণি
সময় নিৰন্তৰ, নিৰবধিৰ সময়ৰ গতি। পাৰ হৈ যোৱা সময়বোৰ নাহে উভতি। সম্ভৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিল ২০২৬ । পাৰ হৈ যোৱা ২০২৫ বৰ্ষ আছিল বৈচিত্ৰপূৰ্ণ। তেনে বৈচিত্ৰতাৰে পূৰ্ণ হ'ব এই বছৰটো।
শাশ্বত পৃথিৱীত সুখেই সকলোৰে কাম্য। দুখবোৰ এই সুখৰে ছাঁ। এটা এৰি আনটো পৰিপূৰ্ণ নহয়। আমি আশাবাদী জীৱ। আশা কৰাত, সপোন দেখাত বাধা কিহৰ ? নতুন বছৰৰ আৰম্ভণিত নিজৰ বাবে কৰিব পৰা বহু কাম থাকে। তেনে কামে জীৱনৰ পৰিব্যপ্তি সলনি কৰি দিব পাৰে।
নতুন বছৰৰ প্ৰথম দিনটোতে বহুতে পণ লয়। বেয়াখিনিক শুধৰাই, ভালখিনিক আগুৱাই লৈ যোৱাৰ সুযোগ দিয়ে এই সময়খিনিয়ে। তেনে দৃষ্টিৰে নতুন বছৰৰ প্ৰথম দিনটো প্ৰাসংগিক হৈ আহিছে আৰু সদায় প্ৰাসংগিক হৈ থাকিব।
প্ৰচণ্ড শীতে চুই গৈছে। নিশাৰ প্ৰচুৰ কুঁৱলীৰ অন্তত পুৱাৰ ৰৌদ্ৰোজ্বল পোহৰে নতুন বছৰৰ শুভ বাৰ্তাকে কঢ়িয়াই আনিছে। শুভ কামনাৰ বৰষুণ চৌদিশে সৰিছে। পৰস্পৰে পৰস্পৰৰ কুশল কামনা কৰিছে। এয়াইতো আশীৰ্বাদ। এজনে আনজনৰ বাবে জনোৱা প্ৰাৰ্থনা।
এই সময়খিনিত জটিলতা নাই। আস্থা আৰু প্ৰত্যয়ৰ মাজত জী উঠা ভাল লগা চেতনাত আমি সকলো ডুব গৈছো। এনেকুৱাই যদি হলহেতেন সকলো সময়। হিংসা- প্ৰতিহিংসা, নেতিবাচক চিন্তা, নিৰাশা আমাৰ পৰা বহু যোজন দূৰৈত ৰৈ গ’ল হয়।
নতুন বছৰে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। ৰূপান্তৰে জগত ধুনীয়া কৰে, এই ৰূপান্তৰে মূল মন্ত্ৰ হল সঠিক মূল্যায়নে প্ৰগতিৰ নতুন আধাৰ গঢ়া। ২০২৬ বৰ্ষৰ প্ৰথমটো দিনত মঠ-মন্দিৰতো দেখা গ’ল বহু ভিৰ।
বছৰৰ প্ৰথমদিনটোত মানুহ ব্যস্ত হৈ পৰিছে বিভিন্ন ধৰণে। সেই ব্যস্ততা প্ৰতিটো দিনেই এনেদৰেই থাকক। নতুনত্বৰে নতুন বছৰৰ সময়বোৰ পৰিপূৰ্ণ হওঁক। সাহিত্য, সমাজ, ৰাজনীতি, অৰ্থনীতিৰ বুনিয়াদ আৰু সবল হৈ পৰক। উৰ্ধমুখী আমাৰ মনবোৰৰ পৰা নিৰাশা আতৰ হওঁক।
গতিকে সুখেৰে থাকিম বুলি আমি নতুন বছৰত প্ৰতিশ্ৰুতি ল'ব নোৱাৰোনে? দুখ-বেদনা আদিবোৰতকৈ যিখিনি আমাৰ আছে সেই খিনিকেই আমি আঁকোৱালী ল'ব নোৱাৰোনে? জীৱনত আগুৱাই যাবলৈ, সফলতা লাভ কৰিবলৈ আমি সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি সকলোবোৰকেই আঁকোৱালী লোৱাৰ মানসিকতা গঢ়ি তুলিব নোৱাৰোনে?
২০২৫ বৰ্ষটো আছিল উথান-পতনৰ বছৰ । বিভিন্ন ক্ষেত্ৰত অসমীয়া ৰাইজে সফলতাৰ মুখ দেখিলে যদিও একেটা বছৰতে আমি হেৰুৱালে বহুকেইগৰাকী আপোন ব্য়ক্তিক। কিন্তু নতুন বছৰটোৰ কুঁৱলিৰ আচ্ছাদন ফালি অহা কোমল ৰ'দজাকৰ দৰেই উমাল মানুহৰ মনবোৰ । মানুহ মানেই যেন এবুকু আশা, ভৰষা । জীৱন যুদ্ধত আকৌ এবাৰ অৱতীৰ্ণ হোৱাৰ প্ৰত্যয় । নতুন বছৰত নতুন প্ৰত্যাশাৰে আকৌ এঘড়ী যুঁজি চোৱাৰ হেপাহ । এয়াই পশুৰ পৰা মানুহ হোৱাৰ যি যাত্ৰা তাৰ প্ৰমাণ । উত্তৰণৰ প্ৰতীক ।
নতুন বছৰটোৰ প্ৰথম দিনটোত যেন স্তব্ধ সময় । কোনোবাই যদি বনভোজলৈ গৈছে, তেন্তে আন কোনোবাই পৰিয়াল,শুভাকাংক্ষীৰ সৈতে দৰ্শন কৰিছে ইষ্টদেৱতাৰ উপাসনাস্থলী । দিনটোৰ অন্তত ক্লান্ত যদিও এক প্ৰাপ্তিৰ আনন্দত আত্মহাৰা এই সকল লোক । স্তিমিত সূৰ্যৰ আভাই তিৰবিৰাই তুলিছিল এই সকল লোকৰ চকু । সন্মুখত এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যত, এৰি থৈ আহিছে বিভিন্ন ঘাত-প্ৰতিঘাত, পোৱা-নোপোৱাৰ হিচাপ । তাৰ মাজতেই নতুন বছৰটোৰ প্ৰথমটো দিন । এই দিনটোই প্ৰত্যেকজন ব্যক্তিলৈ কঢ়িয়াই আনক কেৱল সুখৰ বতৰা । সমৃদ্ধিৰে ভৰি পৰক জীৱনবোৰ । এয়াইটো আমাৰ কামনা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us