/asomiyapratidin/media/media_files/2026/01/01/notun-bosoror-anuvab-2-2026-01-01-12-01-31.jpg)
সঞ্জীৱ দাস, সভাপতি, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ
জাতি, মাটি, ভেটি ৰক্ষাৰ কথা আমি জন্মৰ পৰাই শুনি আহিছো৷ কিন্তু জাতি, মাটি, ভেটি যে ৰক্ষা হৈছে সেয়া আমি বাস্তৱত দেখা নাই৷ কেৱল ভোটৰ ৰাজনীতিৰ বাবে ৰাজনীতিকসকলে নিৰ্বাচনৰ সময়ত আমাক জাতি, মাটি, ভেটিৰ কথা আৱেগিক কৰি ভোট আদায় কৰে৷ বাংলাদেশ সীমান্ত মুক্ত হৈয়ে আছে৷ শুদ্ধ এনআৰচি এখন নাপালো৷ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী নহ’ল৷ চাহপাতৰ মুখ্য কাৰ্যালয় অসমৰ বাহিৰতে থাকিল৷ সাৰুৱ তেলৰ ৰয়েল্টি বিচৰা অনুযায়ী নাপালো৷ অসমত বিধানসভা সমষ্টি, লোকসভা সমষ্টি বৃদ্ধি কৰা নহ’ল৷ অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰিব পৰাকৈ থল আছিল৷ অনুসূচিত জাতি-জনজাতিৰ সমস্যাক আওকান কৰা হ’ল৷ যাৰ বাবে আজি অসমীয়াৰ বৰঘৰত বহিৰাগতৰ শক্তি বৃদ্ধি হ’ল৷ কাৰ্বি ভাইসকলৰ ভূমিত ‘কাৰ্বি চাইনীজ গ’-বেক’ ধ্বনি দিব পৰা হ’ল৷ এয়া অসমীয়া জাতিটোৰ বাবে অশনি সংকেট৷ জাতি ৰক্ষাৰ ঠিকাদাৰসকলে সময়ে সময়ে মূৰ পোলাকা মাৰে৷ যেতিয়া সৰু সৰু জাতি-জনগোষ্ঠীৰ হকে মাত মাতিবৰ সময় আহে তেতিয়াই মূৰ পোলোকা মাৰি অহা আমি দেখিছো৷
কেৱল কাকতত বিবৃতি দি দায়িত্ব সামৰে৷ আমাৰ অনুসূচিত জাতি তথা থলুৱা কৈৱৰ্ত লোকসকলৰ অৱস্থা চাওক৷ আমাৰ বাবে সংৰক্ষিত পদত অনা-অনুসূচিত জাতিৰ লোকে চাকৰি কৰি আছে৷ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিত কালি বাংলাদেশৰ পৰা অহা সন্দেহজনক লোক বিধায়ক হৈছে৷ বিজয় মালাকাৰৰ দৰে এজন সন্দেহজনক বাংলাদেশী লোকক অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিত টিকট প্ৰদান কৰি বিধায়ক নিৰ্বাচিত কৰি আনি প্ৰকৃত অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰিছে৷
অনুসূচিত জাতিৰ লোক নোহোৱাৰ পিছতো যিসকল লোকে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি কৰি আছে আৰু শিক্ষানুষ্ঠানৰ সংৰক্ষিত পদত অধ্যয়ন কৰি আছে, তেওঁলোকৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ শীঘ্ৰে বাতিল কৰাৰ লগতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি আহিছো৷ যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে৷ অনুসূচিত জাতিৰ বাবে ৰূপায়ন কৰা আঁচনি সমূহত ব্যাপক হাৰত লুণ্ঠন চলিছে৷ আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অভিযোগ দাখিল কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷
এই সময়ছোৱাত অসমৰ খিলঞ্জীয়া লোকৰ লগতে কৈৱৰ্তসকল ভীষণ অস্তিত্বৰ সংকটত পৰিছে৷ আমাৰ অধিকাৰৰ পদে পদে হনন কৰা হৈছে৷ অসম চৰকাৰে যোৱা ১০টা বছৰে অনুসূচিত জাতিৰ এটাও জ্বলন্ত সমস্যা সমাধান নকৰিলে৷ অনুসূচিত জাতিক উন্নয়ন পৰিষদ গঠন কৰি নিদিলে৷ আমাক প্ৰতিটো ৰাজনৈতিক দলে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে৷ মই ভাবে সমগ্ৰ অসমৰ থলুৱাই ইংৰাজী নতুন বছৰটোত জাতীয় অস্তিত্ব ৰক্ষাৰ হকে সংকল্প গ্ৰহণ কৰা উচিত৷
মই এটা কথাই ভাবো যে নতুন বছৰটোত আন কিবা হওক বা নহওক অসমৰ থলুৱাৰ হিন্দু-মুছলমানৰ অস্তিত্ব ৰক্ষাৰ বাবে সুস্থ মন্থন হোৱা উচিত৷ বিগত এটা দশক ধৰি অনুসূচিত জাতিৰ অধিকাৰৰ হকে কাম কৰিছো। এই বছৰটোতো একেই সংকল্প থাকিব। সদা লাঞ্চিত-বঞ্চিত অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ হিতৰ বাবে কাম কৰি যাম। কিন্তু আমি ভাবি থকা মূলসুঁতিৰ অসমীয়া সমাজখনে প্ৰতিটো জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষাক গুৰুত্ব দিয়া উচিত৷
অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থিক অৱস্থা অত্যন্ত বেদনাদায়ক হোৱাৰ পিছতো যেনেদৰে আমি গুৰুত্ব পাব লাগিছিল তেনেদৰে গুৰুত্ব পোৱা নাই বুলি আমি উপলদ্ধি কৰো। আমাৰ পূৰ্বপুৰুষে এৰি যোৱা যি সম্পত্তি আছিল সেয়া আজি আমাৰ হাতৰ পৰা ওলাই গৈছে। কৈৱর্ত সমাজৰ মৎস্য চিকাৰ, মৎস্য পালনৰ আমি যি সু-নিপুনতা তাকে লৈ জনগোষ্ঠীটোৰ একাংশ লোক স্বাৱলম্বী হ'ব পাৰিলেহেঁতেন।
চৰকাৰে মৎস্য পালনৰ সুবিধা কৰি দি বজাৰ এখন আৰম্ভ কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰিলে। আজি মৎস্য পালনৰ যি খাল-বিল আছিল তাক কৈৱর্ত সমাজৰ অধিকাৰ ক্ৰমে হ্রাস কৰা হ'ল। সেয়ে নতুন বছৰত আমি অংগীকাৰবদ্ধ যে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি থকা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰা পৰ্যন্ত আমি সংগ্ৰাম কৰি যাবলৈ সংকল্পবদ্ধ৷ ড০ ভীমৰাও আম্বেদকাৰৰ সংবিধানখন মতে দেশ পৰিচালিত হওক৷
সংবিধানখন সদায়েই শক্তিশালী হৈ থাকক৷ দেশখনৰ গণতন্ত্র অধিক শক্তিশালী হওক। মানুহৰ বাক স্বাধীনতা, সমধিকাৰ, সমমর্যাদা অটুট থাকক। কোনো লোক বিভেদ, বৈষম্য, ঘৃণাৰ চিকাৰ বা বলি নহওক। প্ৰতিগৰাকী লোকে সমধিকাৰ, সমমর্যাদাৰে জীয়াই থকাৰ সুযোগ পাওক। এয়াই অতি গুৰুত্বপূর্ণ বুলি বিবেচনা কৰিছো। আমাৰ আশা এয়াই যে নৱবৰ্ষত অনুসূচিত জাতিৰ লোকসকললৈ পৰিৱৰ্তন আহক। শেষত সমগ্ৰ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us