নৱবৰ্ষৰ প্ৰথম দিনটোত চিজোচাৰ বৰদিকাই নদীৰ পাৰত বনভোজ প্ৰেমীৰ ভিৰ

২০২৬ নৱবৰ্ষক আদৰিবলৈ এইদৰেই বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী তথা বনভোজ প্ৰেমী ৰাইজে ভিৰ কৰা দেখা গৈছে চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে অৰুনাচল সীমান্তৰ চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হৈছে৷ সৌন্দৰ্য্যৰাণী চিজোচাৰ মনোমোহা দৃশ্য উপভোগৰ বাবে আগমন ঘটিছে বহু বনভোজ প্ৰেমী ৰাইজৰ ৷ জামুগুৰিহাটৰ সমীপৰ অৰুনাচল  সীমান্তৱৰ্তী বৰদিকাই নদীৰ ওপৰত সংস্থাপন কৰা বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাষৰ এই বনভোজ স্থলীত প্ৰতি বছৰেই ভিৰ কৰে শ শ বনভোজ দলে ৷ 

২০২৬ নৱবৰ্ষক আদৰিবলৈ এইদৰেই বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা বনভোজ প্ৰেমী ৰাইজে ভিৰ কৰা দেখা গৈছে চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত৷ অৰুনাচল পাহাৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা এই  বৰদিকৰাই নদী খনৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ লগতে নদীৰ পাৰত বহি তৃপ্তিৰে এসাজ খাবলৈ হেজাৰ হেজাৰ বনভোজপ্ৰেমী ৰাইজে প্ৰতি বছৰে এনেদৰে নাচিবাগি নতুন বছৰটোক আদৰা দেখা যায় ৷ 

সৈন্দৰ্য্যৰাণী চিজোচাৰই যেন হাত বাউলি মাতিছে সকলোকে ৷ নৱবৰ্ষ আদৰনীৰ বাবে অহা ডেকা গাভৰু আনকি আদহীয়া লোকেও আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় ৷সকলোৱে একেলগে নাচি বাগি মতলিয়া হয় বৰদিকৰাই নদীৰ পাৰৰ মনোৰম দৃশ্যৰ মাজত৷ এই অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ চিজোচালৈ প্ৰতিটো বৰ্ষতে হেজাৰ হেজাৰ বনভোজ প্ৰেমীৰ  সমাগম ঘটা পৰিলক্ষিত হৈ আহিছে৷ ইয়াৰ নৈসৰ্গিক পৰিৱেশৰ মাজত নিজকে এটা দিনৰ বাবে বিলিন কৰি তৃপ্তিৰে এসাজ বনভোজ খাই আনন্দত আত্মহাৰা হ'বলৈ দুৰ দৰনীৰ পৰা অজশ্ৰ বনভোজ দলৰ আগমন ঘটা পৰিলক্ষিত হৈ আহিছে।

চিজোচাৰ বৰদিকৰাই