/asomiyapratidin/media/media_files/2025/12/22/new-ap-web-4-14-2025-12-22-12-34-58.jpg)
ডিজিটেল ডেস্কঃ নতুন বছৰক আদৰিবলৈ সাজু হৈ পৰিছেসকলো। অনাগত ২০২৬ বৰ্ষত সমগ্ৰ দেশৰ লাখ লাখ এলপিজি গেছ গ্ৰাহকে লাভ কৰিব সু-খবৰ। পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী ব’ৰ্ডে ইতিমধ্যে শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ২০২৬ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা প্ৰতি ইউনিটত CNG আৰু ঘৰুৱা পাইপ প্ৰাকৃতিক গেছৰ মূল্য ২-৩ টকালৈ হ্ৰাস পাব।
/asomiyapratidin/media/post_attachments/8aa96a1f-2ee.jpg)
উল্লেখ্য যে, পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী ব’ৰ্ডৰ সদস্য এ. কে. তিৱাৰীয়ে এই কথা সদৰি কৰে। তেওঁ উল্লেখ কৰি কয় যে- নতুন শুল্কৰ গাঁথনিয়ে পৰিবহণ খণ্ড আৰু ঘৰৰ পাকঘৰৰ বাজেটলৈ প্ৰত্যক্ষভাৱে লাভৱান কৰিব।
/asomiyapratidin/media/post_attachments/bc506227-614.jpg)
লগতে কয়, পূৰ্বে গেছৰ মূল্য তিনিটা ভিন্ন দূৰত্বভিত্তিক অঞ্চলৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল। কিন্তু এতিয়া তেনে নহয়।নতুন ব্যৱস্থাৰ অধীনত জ'ন ১ৰ বাবে হাৰ ৫৪ টকালৈ যুক্তিসংগত কৰা হৈছে। ব্যক্তিগত বাহন আৰু টেক্সি চালক উপকৃত হোৱাই নহয় পাইপ গেছৰ খৰচো পৰিয়ালবোৰৰ বাবে হ্ৰাস পাব।
/asomiyapratidin/media/post_attachments/indiatoday/images/story/202502/cng-cars-in-india-210716948-16x9_0-678424.jpg?VersionId=AGbQ0T9LfzCLSiMOD2egKA8SvT0bsFie&size=690:388)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us