২০২৫ৰ আজি শেষৰটো দিন, পুৰণিক বিদায় দি সকলোৱে আদৰি ল’ব ২০২৬ বৰ্ষক...

পুৱাৰে পৰা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ। কোনোৱে যদি আৰি মাছ কিনিছে আন কোনোৱে বাহু, ভকুৱা লৈছে। সকলোৱে বছৰটোৰ শেষত লগে ভাগে এসাজ খাবলৈ চলাইছে  ব্যাপক আয়োজন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-31 at 9.42.39 AM

ডিজিটেল ডোস্কঃ আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ পাছতে বিদায় ল’ব ২০২৫ বৰ্ষই। ২০২৫ বৰ্ষক বিদায় দি সকলোৱে আদৰি ল’ব ২০২৬ বৰ্ষক।

WhatsApp Image 2025-12-31 at 9.49.49 AM

পুৱাৰে পৰা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ। কোনোৱে যদি আৰি মাছ কিনিছে আন কোনোৱে বাহু, ভকুৱা লৈছে। সকলোৱে বছৰটোৰ শেষত লগে ভাগে এসাজ খাবলৈ চলাইছে  ব্যাপক আয়োজন।

WhatsApp Image 2025-12-31 at 9.52.04 AM (1)

উজান বজাৰৰ মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ। পছন্দৰ মাছ কিনিবলৈ পুৱাই বজাৰত ভিৰ গ্ৰাহকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাছ আহে উজান বজাৰৰ এই বিখ্যাত মাছ বজাৰলৈ। ভিন্ন প্ৰজাতিৰ সৰু–বৰ মাছেৰে উভৈনদী উজান বজাৰৰ মাছঘাট। প্ৰচণ্ড শীতৰ মাজতে পুৱাই মাছ কিনিবলৈ ওলাই আহিছে ৰাইজ। 

WhatsApp Image 2025-12-31 at 9.51.54 AM

উজান বজাৰ মাছ