/asomiyapratidin/media/media_files/2025/04/21/nRI6RvCosV3qA5NTOZ2K.jpg)
ডিজিটেল ডেস্ক: বজাৰত দেখা তজবজীয়া পাচলি দেখি আপোনাৰো নিশ্চয় কিনো কিনো লাগে? পাচলিৰ দোকানত বাচি-বাচি আপুনিও নিশ্চয় সতেজ পাচলি ক্ৰয় কৰে! পিছে আপুনি এতিয়া সাৱধান হ'বৰ হ'ল। কিয়নো পাচলিৰ নামত আপুনি ক্ৰয় কৰি আছে 'বৰ-বিহ'। এই পাচলিয়েই আপোনাৰ লগতে আপোনাৰ পৰিয়ালক ৰোগীয়া কৰি তুলিব। পাচলি খেতি কৰা মাটিৰ পৰাই লাগি আহিব পাৰে কেন্সাৰৰ দৰে বেমাৰৰ ৰোগৰ কাৰক। আচৰিত যেন লাগিলেও এয়ে সত্য।
বিজ্ঞান আলোচনীত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। সমগ্ৰ বিশ্বতে ১৪ বিলিয়ন পৰ্যন্ত লোক এনে অঞ্চলত বাস কৰে য’ত মাটি বিপজ্জনক মাত্ৰাত বিষাক্ত গধুৰ ধাতুৰে দূষিত হৈ পৰিছে। খাদ্য সুৰক্ষা, জনস্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে এই খবৰে।
ডেই হাউ আৰু তেওঁৰ দলৰ নেতৃত্বত চলা এই গৱেষণাত ১৪৯৩টা আঞ্চলিক অধ্যয়নৰ পৰা প্ৰায় ৮ লাখ মাটিৰ নমুনা বিশ্লেষণ কৰি উন্নত মেচিন লাৰ্নিঙৰ সহায়ত বিশ্বৰ দূষণৰ মাত্ৰাৰ মানচিত্ৰ নিৰ্মাণ কৰা হৈছিল। এই তথ্যই দেখুৱাইছে যে, বিশ্বৰ ১৪ৰ পৰা ১৭ শতাংশ শস্যভূমি—প্ৰায় ২৪২ মিলিয়ন হেক্টৰ—কৃষি আৰু মানৱ স্বাস্থ্যৰ বাবে সুৰক্ষিত সীমাৰ বাহিৰত অন্ততঃ এটা গধুৰ ধাতুৰে প্ৰদূষিত।
লগতে অধ্যয়নটোত সকীয়াই দিয়া হৈছে যে, এই ব্যাপক মাটি প্ৰদূষণে শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস কৰি খাদ্য শৃংখলত ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰি খাদ্য আৰু পানী যোগানৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। কেডমিয়ামক আটাইতকৈ প্ৰচলিত কাৰক হিচাপে চিনাক্ত কৰা হৈছিল, বিশেষকৈ দক্ষিণ আৰু পূব এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ কিছু অংশত ইয়াৰ ঘনত্ব বেছি। কেডমিয়ামৰ সংস্পৰ্শৰ ফলত বৃক্কৰ ক্ষতি আৰু কেন্সাৰকে ধৰি স্বাস্থ্যজনিত গুৰুতৰ বিপদৰ সম্পৰ্ক আছে।
সাধাৰণতে নিৰাপদ মাত্ৰা অতিক্ৰম কৰা আন ধাতুসমূহৰ ভিতৰত নিকেল, ক্ৰ'মিয়াম, আৰ্ছেনিক, আৰু কোবাল্ট আদি উল্লেখযোগ্য। এই বিষাক্ত মৌলবোৰ মাটিত স্থায়ী হৈ থাকে আৰু দশক দশক ধৰি থাকিব পাৰে, যাৰ ফলত দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যা যেনে স্নায়ুজনিত ক্ষতি আৰু দীৰ্ঘদিনীয়া সংস্পৰ্শৰ ফলত বিকাশত পলম হয়।
অধ্যয়নটোৰ অন্যতম আকৰ্ষণীয় আৱিষ্কাৰ হৈছে, ইউৰেছিয়াৰ কম অক্ষাংশৰ অঞ্চলসমূহক সামৰি লোৱা পূৰ্বতে স্বীকৃতি নোপোৱা “ধাতু সমৃদ্ধ কৰিডৰ” চিনাক্তকৰণ। এই উচ্চ বিপদজনক অঞ্চলটো ধাতু সমৃদ্ধ শিল আৰু আগ্নেয়গিৰিৰ কাৰ্য্যকলাপৰ দৰে প্ৰাকৃতিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ লগতে খনন, ঔদ্যোগীকৰণ, জলসিঞ্চনৰ পদ্ধতিৰ দৰে মানৱীয় কাৰকৰ সংমিশ্ৰণেৰে গঢ় লৈ উঠিছে। জলবায়ুৰ অৱস্থা আৰু ভূ-প্ৰকৃতিৰ বৈশিষ্ট্যইও মাটিত ধাতুৰ সঞ্চয়ত প্ৰভাৱ পেলায়।
বিশ্বজুৰি জটিল ধাতুৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে গৱেষকসকলে সতৰ্ক কৰি দিছে যে, জৰুৰী হস্তক্ষেপ অবিহনে মাটিৰ প্ৰদূষণ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ অধিক শক্তিশালী পৰিৱেশ নিয়ম, মাটিৰ নিৰীক্ষণ বৃদ্ধি, বহনক্ষম কৃষি পদ্ধতি, আৰু জনসজাগতা অভিযানৰ আহ্বান জনাইছে।