আগৰ নম্বৰ নাই! নতুন ছিমকাৰ্ড উলিয়াই বহিঃৰাজ্যৰ পৰা সকলো মেনেজ কৰি আছে শ্যামকানুৱে...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাৰ পিছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনৰ ওচৰত ধৰা দিবলৈ সকিয়নী প্ৰদান কৰিছে। ৬ অক্টোবৰৰ ভিতৰত যদিহে শ্যামকানু আৰু সিদ্ধাৰ্থ ঘূৰি নাহে তেন্তে অধিক কঠোৰ

author-image
Asomiya Pratidin
New Update
huuddd

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাৰ পিছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনৰ ওচৰত ধৰা দিবলৈ সকিয়নী প্ৰদান কৰিছে। ৬অক্টোবৰৰ ভিতৰত যদিহে শ্যামকানু আৰু সিদ্ধাৰ্থ ঘূৰি নাহে তেন্তে অধিক কঠোৰ হোৱাৰো স্পষ্ট বাৰ্তা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে এই সময়সীমা বান্ধি দিলেও জনতাৰ ক্ষোভ দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে। এসময়ৰ শ্যামকানুৰ বহু ঘনিষ্ঠই সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে শ্যামকানুৰ পূৰ্বৰ দুটাকৈ ফোন নম্বৰ। সেয়েহে এতিয়া উপাই নাপাই নতুন ছিম কাৰ্ড উলিয়াইছে শ্যামকানুয়ে।

জুবিন মৃত্যু হোৱাৰ পাছৰে পৰা লাখ লাখ অনুৰাগীয়ে শ্যামকানুৰ এই ফোন নম্বৰত ফোন লগাইছে যদিও যোগাযোগ কৰিব পৰা নাই। লক্ষাধিক ফোন তথা মেছেজ পোৱাৰ পাছতে শ্যামকানুৱে সলনি কৰিছে ফোন নম্বৰ। ছিংগাপুৰৰ পৰা দিল্লী পোৱাৰ পাছতে  শ্যামকানুৱে নতুন ছিমকাৰ্ড উলিয়াই সেই নম্বৰৰ পৰাই ঘনিষ্ঠ, পৰিয়াল আৰু অধিবক্তাক যোগাযোগ কৰিছে বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে।

ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিকেও এই কথা স্পষ্টকৈ সামাজিক মাধ্যমত উল্লেখ কৰিছে। বাহিৰত ৰাইজে শ্যামকানুক বিচাৰি হৈ চৈ লগালেও সেই গোপন নম্বৰৰ পৰাই সকলো মেনেজ কৰা ব্যস্ত শ্যামকানু। উল্লেখ কৰা প্ৰয়োজন যে,শেহতীয়াকৈ শ্যামকানুৰ বেংক একাউন্ট, ক্ৰেডিট কাৰ্ড সকলো বন্ধ কৰি দিছে অসম চৰকাৰে। 

জুবিন গাৰ্গ