কেৱল পিন নম্বৰেৰে নচলিব! এটিএমৰ পৰা ধন উলিয়াবলৈ অচিৰেই প্ৰয়োগ হ’ব নতুন নিয়ম…

কেৱল পিন নম্বৰেৰে নচলিব! এটিএমৰ পৰা ধন উলিয়াবলৈ অচিৰেই প্ৰয়োগ হ’ব নতুন নিয়ম…

author-image
asomiyapratidin
New Update
কেৱল পিন নম্বৰেৰে নচলিব! এটিএমৰ পৰা ধন উলিয়াবলৈ অচিৰেই প্ৰয়োগ হ’ব নতুন নিয়ম…

ডিজিটেল ডেস্কঃএটিএমৰ পৰা দুষ্ট চক্ৰই বেংকৰ গ্ৰাহকৰ ধন লুটি নিয়া ঘটনা প্ৰতিৰোধ কৰাৰ বাবে অচিৰেই প্ৰযোজ্য হ'ব পাৰে নতুন নিয়ম। এই নিয়ম অনুসৰি, কোনো বেংক গ্ৰাহকে এদিনত এবাৰ ধন উলিওৱাৰ পাছত দ্বিতীয়বাৰ একেখন এ টি এম কাৰ্ডেৰে ধন উলিয়াবলৈ ন্যূনতম ৬ৰ পৰা ১২ ঘণ্টা সময়ৰ ব্যৱধান থাকিব লাগিব।

Advertisment

এতিয়াও অৱশ্যে কাৰ্যকৰী হোৱা নাই এই নতুন নিয়ম। কিন্তু এই সন্দৰ্ভত চিন্তা চৰ্চা অব্যাহত আছে। এ টি এমৰ জৰিয়তে সংঘটিত এনে লুন্ঠনৰ ঘটনা প্ৰতিৰোধৰ বাবে দিল্লীত ষ্টেট লেভেল বেংক কমিটী চমুকৈ এছ এল বিয়ে এনে কিছু পৰামৰ্শ আগবঢ়াইছে।

যদি বেংক কৰ্তৃপক্ষই এই পৰামৰ্শ কাৰ্যকৰী কৰে তেন্তে এদিনত ৬ৰ পৰা ১২ ঘন্টাৰ ব্যৱধানত দ্বিতীয়বাৰ ধন উলিওৱাতো সম্ভৱ নহ'ব। ইয়াৰ জৰিয়তে এনে দুষ্ট চক্ৰই ধন লুটা বহু ঘটনা প্ৰতিৰোধ হ'ব বুলি আশা কৰা হৈছে যদিও, এই ব্যৱস্থা কাৰ্যকৰী হ'লে সাধাৰণ গ্ৰাহকো ক্ষতিগ্ৰস্ত হ'ব।

এছ এল পি চিৰ এই সভাত ১৮টা বেংকৰ প্ৰতিনিধি উপস্থিত আছিল। এই পৰামৰ্শৰ লগতে আন কিছু উপায় সন্দৰ্ভতো সভাত আলোচনা কৰা হৈছে। তাৰ ভিতৰত ধন উলিয়াবলৈ যোৱা এ টি এম গ্ৰাহকে ধন উলিওৱাৰ সময়ত কেৱল পিন নম্বৰ ব্যৱহাৰ কৰিলে নহ'ব। বেংকত পঞ্জীয়ন হৈ থকা গ্ৰাহকৰ ম'বাইলত এটা 'অ টি পি' প্ৰেৰণ কৰা হ'ব।

যি 'অ টি পি' এটিএমত গ্ৰাহকে দিয়াৰ পাছতহে এ টি এমৰ পৰা ধন উলিয়াব পাৰিব। ইতিমধ্যে কানাড়া বেংকে এই ব্যৱস্থা আৰম্ভ কৰিছে। ১০ হাজাৰতকৈ অধিক ধন উলিয়াবলৈ হ'লে এই ব্যৱস্থাৰে গ্ৰাহকে এটিএমৰ পৰা ধন উলিয়াব লাগিব। তেতিয়া পঞ্জীয়নভুক্ত ম'বাইল নম্বৰটো হাতত নাথাকিলে গ্ৰাহকে ধন উলিওৱাটো সম্ভৱ নহ'ব।

উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষত এতিয়ালৈকে এনেদৰে ১৭৯টা এটিএমৰ পৰা ভুৱাকৈ ধন উলিয়াই নিয়া ঘটনা সংঘটিত হৈছে। এটিএম ক্ল'নিঙৰ জৰিয়তে দুষ্ট চক্ৰই সংঘটিত কৰিছে এই কাৰ্য। সেয়েহে বেংকৰ বাবে এতিয়া এ টি এমৰ জৰিয়তে দুষ্ট চক্ৰই ধন উলিয়াই নিয়া ঘটনা প্ৰতিৰোধ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে।