জাতিৰ সুৰক্ষাৰ লক্ষ্যৰে ৰাজীৱ শইকীয়াৰ নেতৃত্বত ‘অসম মাতৃভূমি দল’ৰ আত্মপ্ৰকাশ

যুৱ নেতা ৰাজীৱ শইকীয়াৰ নেতৃত্বত অসমত আজি আৰু এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল৷ অসম আৰু অসমীয়াৰ সৰ্বদিশৰ সুৰক্ষাৰ লক্ষ্যৰে আজি জন্ম দিয়া হ'ল “অসম মাতৃভূমি দল“ ৷

author-image
Asomiya Pratidin
New Update
NEWPARTY MATRY

ডিজিটেল সংবাদ, গুৱাহাটীঃ যুৱ নেতা ৰাজীৱ শইকীয়াৰ নেতৃত্বত অসমত আজি আৰু এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল৷ অসম আৰু অসমীয়াৰ সৰ্বদিশৰ সুৰক্ষাৰ লক্ষ্যৰে আজি জন্ম দিয়া হ'ল “অসম মাতৃভূমি দল“ ৷ আজি দিছপুৰ লাষ্টগেটৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত অনুস্থিত এক গণ অভিৱৰ্তনত এই নতুন দলটোৰ নাম ঘোষণা কৰা হয়৷ 

দল ঘোষণাৰ পিছতেই নতুন দলটোৰ পতাকা গ্ৰহণ কৰা হয় আৰু তাৰ পিছতেই যুৱ নেতা ৰাজীব শইকীয়াক সভাৰ সন্মতিক্ৰমে দলটোৰ সভাপতি হিচাপে ঘোষণা কৰা হয় ৷ সভাত বক্তব্য ৰাখি নৱনিৰ্বাচিত সভাপতি ৰাজীৱ শইকীয়াই ক্ষোভেৰে কয়, অসম আৰু অসমীয়া জাতি আজি ধ্বংস কৰিবৰ বাবে বিভিন্ন পক্ষ উঠি পৰি লাগিছে৷ জাতিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা হৈছে৷ অসমীয়া জাতি যাতে চিৰদিন, চিৰকাল আঁঠু কাঢ়ি জীয়াই থাকিব লাগে আৰু মূৰ তুলি জীয়াই থাকিব নোৱাৰে তাৰ পৰিৱেশ ৰচনা কৰা হৈছে। ৰাজ্যখনৰ প্ৰধান জীৱিকা কৃষিখণ্ড নিঃশেষ কৰি দিয়াৰ ব্লুপ্ৰিন্ট ৰচনা হৈছে৷’

লগতে তেওঁ কয়- ‘অসমৰ অৰ্থনৈতিক কাঠামো ভাঙি পেলোৱা হৈছে ৷ কিন্তু আমি এই ষড়যন্ত্ৰ আৰু প্ৰত্যাহ্বান উফৰাই পেলাব লাগিব ৷ জাতি, ভাষা, কৃষ্টি, সংস্কৃতি, মাটি, সম্পদ সুৰক্ষিত হ'ব লাগিব ৷ এই লক্ষ্যৰেই আমি অসম মাতৃভূমি দল জন্ম দিছোঁ ৷ আমি ঐক্যবদ্ধ হৈ সংসদ আৰু বিধানসভাৰ বাহিৰে ভিতৰে জাতিৰক্ষা সংগ্ৰাম আগুৱাই লৈ যাম ৷’

ভাষণ প্ৰসংগত তেখেতে কয়, ‘অসম মাতৃভূমি দল সদায় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ গ্ৰাসৰ পৰা মুক্ত হৈ থাকিব ৷ ভাষণ প্ৰসংগত তেখেতে ক্ষোভেৰে কয়, অসমৰ কৃষিভূমি ধ্বংস কৰিবৰ বাবে চৰকাৰীয়েই হওক বা বেচৰকাৰী পৰ্যায়তে হওক ডাঙৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছে; আমাৰ দলে সেই ব্লুপ্ৰিন্ট উফৰাই দিব ৷’

অসম মাতৃভূমি দল সদায় জাতিৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব বুলি উল্লেখ কৰি তেখেতে কয়, দলৰ নামত থকা মাতৃভূমি শব্দটোক মৰ্যাদা দিহে দলৰ কাম-কাজ নিৰূপন হ'ব ৷ অহা ১৫ ফেব্ৰুৱাৰী ভিতৰত দলৰ পূৰ্ণাংগ ৰাজ্যিক সমিতি ঘোষণা কৰা হ'ব আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা অনুস্থিত হ'ব ৷ সাধাৰণ পৰিষদ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাতেই দলটোৰ সংবিধান গ্ৰহণ কৰা হ'ব আৰু দলৰ পৰিকল্পনা যুগুত কৰা হ'ব বুলি ৰাজীৱ শইকীয়াই প্ৰকাশ কৰিছে।

অসম