১৯৪৭চনৰ পাছত প্ৰথমবাৰৰ সলনি হ'ব প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঠিকনা!

১৯৪৭চনৰ পাছত প্ৰথমবাৰৰ বাবে ঠিকনা সলনি হ'ব প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ। ইংৰাজৰ দিনতে নিৰ্মাণ কৰা চাউথ ব্লকৰ সলনি অচিৰেই নতুন স্থানলৈ স্থানান্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়।

author-image
Asomiya Pratidin
New Update
ijjd

ডিজিটেল ডেস্কঃ ১৯৪৭চনৰ পাছত প্ৰথমবাৰৰ বাবে ঠিকনা সলনি হ'ব প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ। ইংৰাজৰ দিনতে নিৰ্মাণ কৰা চাউথ ব্লকৰ সলনি অচিৰেই নতুন স্থানলৈ স্থানান্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। অহা ছেপ্টেম্বৰ মাহৰ পৰা এই নতুন কাৰ্যালয়ৰ কাম আৰম্ভ কৰা হব।

Advertisment

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিয় স্থানান্তৰ কৰা হব তাক লৈও একাংশৰ মনত উদয় হৈছে প্ৰশ্নৰ। দৰাচলতে ইংৰাজৰ দিনৰে এই চাউথ ব্লক আৰু নৰ্থ ব্লক এই অট্টালিকাবোৰত স্থানৰ খুবেই অভাৱ। যাৰ বাবে কিছুমান বৰ্ধিত দপ্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে জড়িত কৰিব খুজিও পৰা নাই।

সেয়েহে অত্যাধুনিক আৰু আহল-বহল এলেকাত এইবাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই নতুন কাৰ্যালয়ৰ সৈতে থাকিব সকলোবোৰ দপ্তৰৰ বিশেষ বিশেষ শাখা। উল্লেখযোগ্য যে, কৰ্তব্য পথ-৩ উদ্বোধনৰ সময়তে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰ্যাপ্ত সুবিধা নথকাৰ কথা সকলোৰে সন্মুখত প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সূত্ৰৰ খবৰ অনুসৰি, নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টোল নতুনকৈ নামাকৰণ কৰাৰ কথাও চিন্তা কৰা হৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী