/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/education-6186-a9e2-492a-97b9-459fa0aa9049.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক অনুমোদন জনায়। যোৱা বছৰ ইছৰ' (ISRO)ৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰীৰংগন কমিটীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে এই খচৰা ৰাজহুৱা কৰি ৰাইজৰ পৰা পৰামৰ্শ বিচৰিছিল। মন্ত্ৰণালয়ে ২ লাখ ২৫ হাজাৰ পৰামৰ্শ লাভ কৰিছিল আৰু কিছু পৰামৰ্শৰ ভিত্তিত চূড়ান্ত খচৰাত পৰিবৰ্তন কৰা হৈছে। ১৯৮৬ চনত কাৰ্যকৰী হৈছিল অন্তিমটো শিক্ষা নীতি। ১৯৯২ চনত এই শিক্ষা নীতিৰ কিছু সংশোধন ঘটোৱা হৈছিল।
নতুন শিক্ষা নীতি অনুসৰি- শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ'ব। সেই ভাষা সমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ'ব।
তাৰে পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰেন্সলেশ্যন এণ্ড ইন্টাৰপ্ৰিটেশ্যন (Indian Institute of Translation and Interpretation) গঠন হ'ব। উচ্চ সমাজ বিজ্ঞান, গণিত বা অৰ্থশাস্ত্ৰ বা বাস্তৱ বিজ্ঞান তাত্ত্বিক বিষয় সমূহৰ ভাৰতীয় ভাষাত সঠিক তৰ্জমা আৰু বাখ্যা কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানৰ গঢ় দিয়া হ'ব।
তদুপৰি তিনি ভাষাৰ ফৰ্মূলাত সংস্কৃত অবিচ্ছেদ্য অংগ হ'ব। আৰু শিক্ষা প্ৰাপ্তিৰ সমল যেনে- কিতাপ, দৃশ্য-শ্ৰাব্য সমল সমূহ ভাৰতীয় ভাষাত উপলব্ধ হ'ব। গতানুগতিক পাঠ্যক্ৰমৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় বিজ্ঞান সন্মত উদ্ভাৱনী মস্তিষ্কৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব।
লগতে পৰম্পৰাগত ভাৰতীয় জ্ঞানক বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ'ব। বিভিন্ন পৰ্যায়ৰ শিক্ষা দানত ভাৰতীয় ভাষা, সংগীত, কলা, দৰ্শন আদিক প্ৰাধান্য দিয়া হ'ব। এটা ৪ বছৰীয়া অল ইনক্লুছিভ ইন্টাৰ ডিছপ্লিনেৰী বি. এড ক'ৰ্চ (all inclusive inter disciplinary B. Ed course) আৰম্ভ কৰা হ'ব।
ছাত্ৰী ছাত্ৰ সকলে শ্ৰেণী কোঠাৰ পাঠদানৰ পৰা কিছু দিন বিৰতিলৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব। দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ'ব। মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটাই প্ৰৱেশ পৰীক্ষা হ'ব। ব'ৰ্ডৰ পৰীক্ষাৰ পদ্ধতিও হ'ব সলনি। অবজেকটিভ (Objective) আৰু ডেছক্ৰিপ্টিভ (Descriptive) দুই ভাগত বিভক্ত হ'ব শিক্ষান্ত পৰীক্ষা সমূহ। তদুপৰি নম্বৰ দিয়া পদ্ধতি বেলেগ হ'ব । ষষ্ঠ শ্ৰেণীৰ পৰাই ক'ডিং ছিষ্টেম (Coding system) কাৰ্যকৰী হ'ব।
ইফালে, স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতিৰ হ'ব । প্ৰথম ৫ বছৰত অন্তৰ্ভুক্ত হ'ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ ৩ বছৰত অন্তৰ্ভুক্ত হ'ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষৰ চাৰি বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। উচ্চতৰ মাধ্যমিকৰ চাৰি বছৰত শিক্ষা দান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব। শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিষয় গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব।
ই-লাৰ্ণিঙত গুৰুত্ব দিয়া হ'ব। জিডিপি ৬ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ'ব। বৰ্তমানৰ ব্যয় জিডিপি ৰ ৪.৪৩ শতাংশ। এম.ফিল ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰ পৰা কৰ্তন কৰা হৈছে । স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ'ব । কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব। অৰ্থাৎ মাল্টিপল এগজিট থাকিব।
আনহাতে, পঞ্চম শ্ৰেণী লৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব। নেশ্যনেল লিটেৰেচী মিছনৰ লগতে নেশ্যনেল নিউমেৰাচী মিছনো থাকিব। স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত প্ৰতিজন শিক্ষাৰ্থী যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত হ'ব। মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় বুলি নামাকৰণ হ'ব ।
অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত গ্ৰহণ কৰা নীতি-আদৰ্শসমূহৰ মূল কথাবোৰ এনইপি, ২০২০ ত প্ৰতিফলিত হৈছে-
- মাতৃভাষা/আঞ্চলিক ভাষাৰ মাধ্যমত ৮ম শ্ৰেণীলৈ শিক্ষাদানৰ পৰামৰ্শ।
- প্ৰাক বিদ্যালয় শিক্ষাৰ প্ৰৱৰ্তন আৰু যথেষ্ট গুৰুত্ব প্ৰদান।
- মুখস্থ বিদ্যাৰ (rote learning ) সলনি সৃষ্টিশীল চিন্তাৰ বিকাশত গুৰুত্ব।
- পাঠ্যক্ৰমৰ বোজা হ্ৰাস।
- নম্বৰ কেন্দ্ৰিক পৰীক্ষাৰ সলনি নতুন মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন।