/asomiyapratidin/media/media_files/2026/03/03/jdjdjjd-2026-03-03-19-16-10.jpg)
ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। ইৰান-ইজৰাইলৰ মাজত চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণত এইবাৰ মৃত্যু হৈছে ইৰান নতুন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। উল্লেখ কৰা প্ৰয়োজন যে, ইৰানৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰি দায়িত্ব ভাৰ লোৱা ৪৮ঘন্টা সময় পাৰ হৈছিলহে।
নতুনকৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লোৱা ছৈয়দ মাজিদ অৱ ওল ৰেজাৰ মৃত্যু খবৰ ৰাজহুৱা কৰিছে ইজৰাইলৰ সংবাদমাধ্যমে। আমেৰিকা-ইজৰাইলে একলগ হৈ ইৰানৰ ওপৰত বিগত প্ৰায় কেইবাদিনো ধৰি চলাই আছে আক্ৰমণ। পূৰ্বে এই আক্ৰমণত নিহত হৈছিল ইৰানৰ সৰ্বোচ্চ নেতাগৰাকী।
💥BREAKING:
— Crypto Rover (@cryptorover) March 3, 2026
Iran's new Defence Minister assassinated.
24hours after taking over the role from his predecessor who was also assassinated. pic.twitter.com/w2RF5Xl5bD
ইয়াৰ পিছতে ইৰানৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ দেশখনৰ বাবে এক ডাঙৰ ক্ষতি। তেহৰানত কৰা এক আক্ৰমণত এই মন্ত্ৰীগৰাকীৰ মৃত্যু হৈছে বুলি দাবী কৰিছে ইজৰাইলৰ সংবাদমাধ্যমে। প্ৰাপ্ত খবৰ অনুসৰি, ইজৰাইল-আমেৰিকাৰ আক্ৰমণত এতিয়ালৈকে ইৰাণৰ প্ৰায় ৭৮৭গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৭৬গৰাকী হৈছে শিশু।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us