ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰতিবছৰৰ দৰে শাৰদীয় দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনটোত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰা হয়। পঞ্চদশ সংখ্যাৰ এই বৰ্ষৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা এন ডি- ২৪ৰ সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই। পূজাস্থলীতে অনুষ্ঠিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাংঙ্গলিক ধ্বনিৰ মাজেৰে উন্মোচন হয় এই বৰ্ষৰ স্মৃতিগ্ৰন্থখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/1awey4nl/c1311a00-f4ca-43f2-9799-a52481d55c52.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, এইবেলি নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে ভৰি থলে ষষ্ঠদশ বৰ্ষত। ষষ্ঠী দিনা বেদীত মা দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰে পৰা পূজাস্থলীত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে। অতি শৃংখলাৱদ্ধভাৱে আয়োজন কৰা এই দুৰ্গা পূজাখনিৰ এই বৰ্ষৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ সভাপতিৰ দায়িত্বত আছে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। সম্পাদকৰ দায়িত্ব জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে পালন কৰাৰ লগতে সহকাৰী সম্পাদক পৰেশ দেৱ চৌধুৰীয়ে অতি আটকধুনীয়াকৈ প্ৰস্তুত কৰিছে স্মৃতিগ্ৰন্থৰ পঞ্চদশ সংখ্যাটি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/7ijvzzex/4dda3218-2306-4ec1-b653-d621daf59118.jpg)
স্মৃতিগ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটি আঁত ধৰে নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ সম্পাদক শ্যামন্ত দাসে। অনুষ্ঠানটোৰ আৰম্ভণি পূজাখনৰ সন্দৰ্ভত থুলমূল আভাস দাঙি ধৰে বিশিষ্ট শিক্ষাবিদ তথা নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিৰ সভাপতি ডাঃ নাৰায়ণ শৰ্মাই। স্মৃতিগ্ৰন্থখন সজাই-পৰাই তোলা আৰু নিউ গুৱাহাটীৰ পূজাৰ সৈতে কিদৰে আত্মিক এক সম্পৰ্ক গঢ় লৈ উঠিল সেই সন্দৰ্ভতো ভাষণৰ প্ৰসংগত উল্লেখ কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/drm4y7cc/dcac4e27-2fa9-465a-872f-c6eaead1a3d1.jpg)
ভাষণৰ প্ৰসংগত মহন্তই কয় যে, নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিখন সদায়েই বিশেষ। বিশেষ এই কাৰনেই যে ইয়াত আয়তিয়ে পানী তোলাৰ পৰা আদি কৰি ঢাকৰ পৰিৱৰ্তে আমি ঢোল ব্যৱহাৰ কৰো। পূজাৰ নামত ডি জে লগাই হৈ চৈ এক পৰিৱেশৰ পৰিৱৰ্তে আমি এক সাত্বিক পৰিৱেশত মা দুৰ্গাক আৰাধনা কৰো। আমি কোভিডৰ সময়তো স্মৃতিগ্ৰন্থখনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে চেষ্টা কৰিছিলো। এই অঞ্চলটোৰ ইতিহাসক প্ৰণালীৱদ্ধভাৱে ধৰি ৰখাৰ বাবে এই চেষ্টা আগলৈয়ো আমাৰ অব্যাহত থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/g58p0yeo/4815c4e9-677f-4aff-b07f-51a0f9c07698.jpg)
মহন্তৰ পাছতে অনুষ্ঠানটোত দুআষাৰ বক্তব্য ৰাখে স্মৃতিগ্ৰন্থৰ উন্মোচক ৰাজদ্বীপ বাইলুং বৰুৱাই। ভাষণৰ আৰম্ভণিতেই সাংবাদিকগৰাকীয়ে নিউ গুৱাহাটীৰ পূজা সমিতিক এনেদৰে শান্তি-সম্প্ৰীতিৰে পূজাখন অনুষ্ঠিত কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে কয় যে, আমি আমাৰ অসম আৰু অসমীয়াৰ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন তেতিয়া আমাৰ সভ্যতা-সংস্কৃতিক কোনো বিকৃত কৰিব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/g1avtw6v/c0220067-ef64-4579-a8fe-771ffba4c04f.jpg)
এন ডি-২৪ৰ অসমৰ পূজা সম্পৰ্কীয় ভিন্ন ঐতিহাসিক তথ্য দাঙি ধৰি মুখ্য সম্পাদকগৰাকীয়ে লগতে কয় যে, দুৰ্গা পূজাত আমি নাৰী পূজা কৰো, কুমাৰী পূজা কৰো কিন্তু সচাঁ অৰ্থত এই পূজা আমাৰ সমাজত প্ৰতিফলিত হব লাগিব। নিৰাপত্তা নহয়, আমাৰ ভনী, জী অথবা মাতৃক আমি এখন সুৰক্ষিত সমাজত উপহাৰ দিব লাগিব। নাৰীয়ে যাতে নিৰ্ভয়ে চলা-ফিৰা কৰিব পাৰে তেনে এখন সমাজ গঢ় দিয়াৰ প্ৰতিশ্ৰুতি পূজাৰ সমান্তৰালভাৱে আমি ল'ব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/x0wi7ca3/68e829d2-b9e1-4efe-88bd-7c7a9207abf5.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ৪০পৃষ্ঠাৰ নিউ গুৱাহাটী পূজাৰ স্মৃতিগ্ৰন্থখনি ড০ দীপক কুমাৰ শৰ্মা, ড০ বসন্ত কুমাৰ গোস্বামী, মাইনী মহন্ত, ড০ নন্দ সিং বৰকলা, মৃদুল কুমাৰ সন্দিকৈৰ দৰে কেইবাখনো লেখকৰ লেখাৰে সজোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/rwscx706/2febe572-6540-4d9d-8e9d-cc1e4392d71c.jpg)