/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3be44c15-1352-41f8-856c-ba1e9c6216ad/new_guwahati.jpg)
new guwahati
ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজা পাৰ হোৱাৰ লগে লগে সমগ্ৰ অসমত এতিয়া বলিছে শাৰদ উৎসৱৰ বতাহ। কেইদিনমান আগেয়ে বানে ধুই পেলোৱা অসমতো চৰ চাপৰিত ফুলিছে কঁহুৱা।
শৰতৰ শীতল বতাহৰ অনুভৱ নিয়ৰ এতিয়াও ৰাইজে দেখা নাই যদিও ১ অক্টোবৰৰ পৰাই আৰম্ভ হ'বলগীয়া শ্ৰী শ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুষ্টি আৰম্ভ হৈছে। আৰম্ভ হৈছে মৃৎ শিল্পীসকলৰ ব্যস্ততাও।
কিয়নো এই সময়টোৱেই হ'ল দুৰ্গা, লক্ষ্মী, কালী, গণেশ, কাৰ্তিক আদিৰ মৃণ্ময় মূৰ্তিৰ লগতে বন্তিৰ চাকি, ধূনা মলা, ঘট আদি প্ৰস্তুত কৰাৰ মাধ্যমতেই বছৰটোৰ বাবে প্ৰয়োজনীয় আহাৰ, বস্ত্ৰৰ ৰোজগাৰ গোটাই লোৱা। ঠায়ে ঠায়ে গুৱাহাটী মহানগৰীতো আজি দেওবাৰৰ দিনটোতে অস্থায়ী দুৰ্গা পূজা মণ্ডপৰ লাইখুঁটা পোতা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f8343ff2-842a-4cb9-acdb-00723d344957/13832e03_83a1_4233_88d0_9d2280147d7f.jpg)
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত প্ৰতি বছৰে দুৰ্গা পূজাৰ লগতে লক্ষ্মী পূজা, কালী পূজাৰ পৰা ৫ নৱেম্বৰৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস একেটা মণ্ডপতে একেৰাহে উদযাপন হয়। পূজা সমিতিয়ে এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d0ff78b2-b415-4f28-9b98-1ffbfc6a5f43/91c00141_dbff_461b_87c9_d52f777958b7.jpg)
স্মৃতি গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি ইতিপূৰ্বে আৰম্ভ হৈছে যদিও আজি পূজাৰ মূল মণ্ডপৰ লাইখুঁটা পোতা অনুষ্ঠান মাংগলিক প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয়। ইফালে ছেপ্টেম্বৰৰ প্ৰথমাৰ্ধতে পূজা সমিতিৰ কাৰ্যালয় স্থাপন কৰি অঞ্চলটোৰ ৰাইজৰ পৰা পূৰ্বৰ দৰেই দান, বৰঙনি সংগ্ৰহৰ অভিযানো চলি আছে।