/asomiyapratidin/media/media_files/2025/09/13/ujjj-2025-09-13-13-01-05.jpg)
ডিজিটেল ডেস্কঃ আহি পালে দুৰ্গা পূজা। নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সপ্তদশ বাৰ্ষিক দুৰ্গা পূজা আৰু লক্ষ্মী পূজা ভাগিৰ লাইখুঁটা স্থাপন কৰা হয় শনিবাৰে। অঞ্চলটোৰ ৰাইজৰ লগতে পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে উক্ত মাংগলিক কাৰ্যত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/fb4c067c-d93e-4170-86b0-7f3033e02672-2025-09-13-12-50-15.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, ১১আহিন তথা ২৮ ছেপ্টেম্বৰত ষষ্ঠী পূজাৰ দিনা সন্ধিয়া ৭বজাৰ পৰা আৰম্ভ হ'ব এইবাৰৰ দুৰ্গা পূজা। দেৱীৰ বোধন, আমন্ত্ৰণ, অধিবাসৰে আৰম্ভ হব মা দুৰ্গাৰ পূজা-অৰ্চনা। উক্ত দিনটোত সন্ধিয়া ৬.৩০বজাত বেলবৰণৰ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/0e8dd14a-d4b8-4de5-83ba-bc2d59c8049f-2025-09-13-12-51-24.jpg)
১২ আহিন, ২৯ছেপ্টেম্বৰৰ সপ্তমীৰ দিনটোত পুৱা ৯বজাৰ পৰা বিহিত পূজা আৰম্ভ হ'ব। সপ্তমীৰ দিনটোত সন্ধিয়া ৭বজাত শ্ৰীবিষ্ণু নাগাৰা নাম দলৰ নাম পৰিৱেশন হব বুলি উদ্যোক্তাই জানিবলৈ দিছে। মহা অষ্টমীৰ দিনাও পুৱাৰে পৰা আৰম্ভ হ'ব পূজা অৰ্চনা। দিনৰ ১.২১বজাৰ পৰা সন্ধি পূজা আৰম্ভ হ'ব। সন্ধিয়া ৬বজাত হ'ব আৰতি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/484b9ae3-a8a4-4b78-81f5-8dde1018d7ec-2025-09-13-12-51-39.jpg)
মহানৱমীৰ দিনটোত পুৱাৰে পৰা পূজা অৰ্চনাৰ লগতে সন্ধিয়া ভাগত বামাখাটা, পাঠশালাৰ শংকৰ-মাধৱ শিল্পী সমাজৰ থিয় নাম পৱিবেশন হ'ব। বিজয়া দশমীৰ দিনটোত দিনজোৰা পূজাৰ অন্তত বিয়লি ভাগত দেৱী মাৰ প্ৰতিমাৰ বিসৰ্জন দিয়া হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/eefea756-4b49-45eb-9557-aabf28b452da-2025-09-13-12-51-54.jpg)
দুৰ্গা পূজাৰ পাছতে ১৯ আহিন, ৬অক্টোবৰ তাৰিখে শ্ৰী শ্ৰী লক্ষ্মী পূজাও একেটা মণ্ডপতে পালন কৰিব নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিয়ে। বিগত বৰ্ষৰ দৰে এইবাৰো ৩অক্টোবৰ, ২০২৫ত দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰাৰ কথাও সদৰি কৰে সাধাৰণ সম্পাদক শ্যামন্ত দাসে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/5ec7a1b3-0d2e-4ddb-960b-87a1808e7eed-2025-09-13-12-52-12.jpg)
শনিবাৰৰ লাইখুঁটা পোতাৰ মাংগলিক কাৰ্যসূচীত সভাপতি অৰুণ ভড়ালী, কাৰ্যকৰী সভাপতি বিশ্বজিত মিত্ৰ, কোষাধ্যক্ষ ভাৰত চন্দ্ৰ ডেকা, মুখপত্ৰ সম্পাদক প্ৰকাশ মহন্তৰ লগতে বহু সংখ্যক লোক তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us