/asomiyapratidin/media/media_files/2025/09/28/444-2025-09-28-21-18-24.jpg)
ডিজিটেল ডেস্ক : অসমৰ বিভিন্ন প্ৰান্তত আজি ষষ্ঠী পূজাৰ বেদীত ঘট প্ৰতিষ্ঠাৰে আৰম্ভ হ’ল মহাশক্তি দুৰ্গা পূজা। অন্যান্য প্ৰান্তৰ দৰে আজি নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগতো স্থায়ী পূজা উদযাপন স্থলীৰ মণ্ডপত মাংগলিক কাৰ্যসূচীৰে ষষ্ঠী পূজা সমাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/wh-2025-09-28-21-15-40.jpeg)
ইয়াৰ পূৰ্বে ভক্তপ্ৰাণ ৰাইজে মণ্ডপৰ বিপৰীতে থকা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলনৰ পিছতে পুৰোহিতৰ মাংগলিক মন্ত্ৰোচ্চাৰণৰ সৈতে আয়তীসকলে গৈ পবিত্ৰ জল সংগ্ৰহ কৰে। একেদৰে যুৰীয়া বেল আদৰি আনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/whatsapp-im-2025-09-28-21-15-56.jpeg)
ইয়াৰ পাছত মা দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপনৰ মাংগলিক অনুষ্ঠানেৰে দেৱীক আবাহন কৰা হয়। আনহাতে এই কাৰ্য সম্পন্ন হোৱাৰ পাছত পূৰ্বৰ পৰম্পৰা ভংগ কৰি এইবাৰ স্মৃতিগ্ৰন্থৰ স্থানত মুখপত্ৰৰূপে জুবিন গাৰ্গৰ নামত উছৰ্গিত ‘শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক পুস্তিকা দেৱী দুৰ্গাৰ শ্ৰীচৰণত অৰ্পণ কৰি ৰাইজৰ মাজত বিতৰণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/whatsapp-i-2025-09-28-21-16-17.jpeg)
উল্লেখযোগ্য যে, পূজা উদযাপন সমিতিয়ে এইবাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাবে দেৱীৰ চৰণত দিয়েই সম্পন্ন কৰে। আনহাতে এই মুখপত্ৰখন এইবাৰকে ধৰি অনাগত ২৫ সংখ্যক পূজাতো মুখপত্ৰৰূপে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/28/whatsapp-imag-2025-09-28-21-16-40.jpeg)
এই মুখপত্ৰখনত বিগত সময়ৰ স্মৰণীয় আলোকচিত্ৰ,দান- বৰঙণিৰ হিচাপ, ভোগদাতাৰ নাম, জমা-খৰচৰ হিচাপ, সম্পাদকীয় প্ৰতিবেদনহে প্ৰকাশ কৰা হ'ব বুলি উদ্যোক্তাসকলে জনায়। একেদৰে অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানটি ‘জুবিন গাৰ্গ স্মৃতি সাংস্কৃতিক অনুষ্ঠান’ হিচাপে অনুষ্ঠিত কৰা হ’ব। কাৰ্যতঃ এই অনুষ্ঠানটি হ’ব জুবিন গাৰ্গ স্মৃতিচাৰণ অনুষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us