নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত গীতে-মাতে সুধাকন্ঠক স্মৰণ...

নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী পালন কৰিলে অঞ্চলবাসীয়ে। কণ কণ শিশুৰ গীত আৰু নৃত্যৰে প্ৰাণ পাই উঠিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, গুৱাহাটীঃ  নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী পালন কৰিলে অঞ্চলবাসীয়ে। কণ কণ শিশুৰ গীত আৰু নৃত্যৰে প্ৰাণ পাই উঠিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা গীত মাতৰ গধূলি।

5975a8dd-3d56-4c3f-9629-1411a281c2c8

পূজা সমিতিৰ সাধাৰণ সম্পাদক শামন্ত দাসে আঁত ধৰে অনুষ্ঠানটো।  অনুষ্ঠানটোৰ আৰম্ভণিতে সদ্য প্ৰয়াত চৈয়দ চাদুল্লা আৰু দীপক শৰ্মাৰ আত্মাৰ সদগতিৰ অৰ্থে ১মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তাৰ পিছতে সুধাকন্ঠৰ প্ৰতিচ্ছতিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলেনেৰ শুভাৰম্ভণি কৰা হয় অনুষ্ঠানৰ।

df3b6c80-d068-4abc-9ed0-59b9bd23e4b8

প্ৰায় কুৰি গৰাকী কণমাণিয়ে অনুষ্ঠান পৰিবেশন কৰে গীত মাতৰ গধূলিত। সুধাকন্ঠৰ কালজয়ী বহুকেইটা গীত পৰিৱেশন কৰে কণমাণি সকলে। উল্লেখ কৰা প্ৰয়োজন যে, অতি শৃংখলাৱদ্ধ পৰিৱেশত নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিয়ে পালন কৰে প্ৰতিটো অনুষ্ঠান। সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকীক লৈ আয়োজন কৰা এই অনুষ্ঠানটোও নহ’ল তাৰ ব্যতিক্ৰম।

09f7194d-194d-40d0-88fe-fe9881737121

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা