কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল। চৰকাৰী অধিসূচনাযোগে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ ৰদ-বদল কৰাৰ কথা ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ  কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল। চৰকাৰী অধিসূচনাযোগে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ ৰদ-বদল কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, চৰকাৰী অধিসূচনা মতে- শিৱ প্ৰতাপ শুক্লাক তেলেংগানাৰ ৰাজ্যপাল নিযুক্তি দিয়া হয়। ইপিনে তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিক পশ্চিমবংগৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁক চি.ভি. আনন্দ বসুৰ স্থানত নিয়োগ কৰা হয় ৷ বসুৰ পদত্যাগৰ পাছতে আৰ.এন. ৰবিক পশ্চিমবংগৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আনপিনে কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পন কৰে ৷


আনফালে, ৰাষ্ট্ৰপতি  দ্ৰৌপদী মুৰ্মুৱে  হিমাচল প্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে । তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মাক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰে। লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনেইনক বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । যোৱা বছৰৰ ২ জানুৱাৰীত বিহাৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা আৰিফ মহম্মদ খানৰ ঠাইত হাছনাইনে স্থান লাভ কৰিছে । ইপিনে গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছিল ৷ অৱশ্যে চি.পি. ৰাধাকৃষ্ণন উপ-ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হোৱাৰ পাছতে এই পদৰ পৰা পদত্যাগ কৰে। দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰে। লাডাখৰ উপ-ৰাজ্যপাল কবিন্দৰ গুপ্তাক হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।

দ্ৰোপদী মুৰ্মু