/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/jaliwan.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ইতিহাসত লিপিবদ্ধ হোৱা এক ক'লা অধ্যায় হৈছে জালিয়ানৱালা বাগ।এই জালিয়ানৱালা বাগ বিজেপি চৰকাৰৰ আমোলত নৱীকৰণ কৰি পুনৰ মুকলি কৰা হৈছে। অৰ্থাত জালিয়ানৱালা বাগৰ অন্তিম চিহ্ন মচি তাক নতুনকৈ নিৰ্মাণ কৰা হৈছে। জালিয়ানৱালা বাগৰ অন্তিম চিহ্ন মচি এইদৰে নৱীকৰণক লৈ চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত জনসাধাৰণৰ ক্ষোভ আৰু সমালোচনা দেখিবলৈ পোৱা গৈছে। কেৱল সাধাৰণ জনাতাই নহয় প্ৰসিদ্ধ ইতিহাসবিদৰ পৰা আৰম্ভ কৰি বহু ৰাজনৈতিক নেতায়ো কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।
১৯১৯ চনৰ ১৪ এপ্ৰিলত সংঘটিত হৈছিল জালিয়ানৱালা বাগৰ হত্যাকাণ্ড। ৰাওলাট আইনৰ বিৰোধিতাৰে মহাত্মা গান্ধীয়ে অহিংস আৰু সত্যাগ্ৰহ তথা ৰক্তপাতহীন আন্দোলনৰ মাধ্যমেৰে প্ৰতিবাদৰ আয়োজন কৰে। ১৯১৯ চনৰ এপ্ৰিল মাহৰ প্ৰথম ফালে পঞ্জাবলৈ যোৱাৰ পথত গান্ধীজিক বৃটিছে গ্ৰেপ্তাৰ কৰে। ইয়াৰ প্ৰতিবাদত আহমেদাবাদৰ শিল্প শ্ৰমিক আৰু পঞ্জাবৰ সাধাৰণ জনগণ বিক্ষুব্ধ হৈ উঠে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ পাছতে বৃটিছ চৰকাৰে গান্ধীক মুক্তি দিয়ে যদিও জনসাধাৰণৰ বিক্ষোভ নকমে। এনে বিক্ষোভৰ মাজতে এপ্ৰিলৰ ১৩ তাৰিখে দুজন ৰাজনৈতিক নেতাক অমৃতসৰৰ পৰা বৃটিছে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পটভূমিতেই ১৪ এপ্ৰিলত জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পৰিৱেশ সৃষ্টি হয়।
জালিয়ানৱালা বাগত ১৪ এপ্ৰিলত সমবেত হৈছিল হাজাৰ হাজাৰ লোক। জালিয়ানৱালা বাগত প্ৰৱেশ কৰিবলৈ আছিল এটাই সৰু পথ। হাজাৰ লহাজাৰ লোকে এই সৰু পথটোৰেই জালিয়ানৱালা বাগত প্ৰৱেশ কৰি শান্তিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে জেনেৰেল ডায়েৰে ১০০ জন গোৰ্খা সৈন্য আৰু ২ খন বৰটোপৰ গাড়ী লৈ জালিয়ানৱালা বাগৰ সেই একমাত্ৰ সৰু প্ৰৱেশদ্বাৰত অৱস্থান কৰিছিল। আৰু শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা জনতালৈ প্ৰায় ১৬৫০ ৰাউণ্ড গুলী চালনা কৰি ১০০০ ৰো অধিক ভাৰতীয়ক হত্যা কৰিছিল। আহত হৈছিল ২০০০ ৰো অধিক। কেৱল গুলীৰেই নহয়, প্ৰাণৰ মমতাত কুঁৱাত জাপ দিয়া ভাৰতীয়কো পাথৰ দলিয়াই কুঁৱাতেই জীৱন্তে পুতি পেলোৱা হৈছিল।
এনে এক জীৱন্ত ইতিহাস জালিয়ানাৱাল বাগ। আজিও সেই প্ৰৱেশদ্বাৰলৈ লক্ষ্য কৰিলে জেনেৰল ডায়েৰে সৃষ্টি কৰা সেই ভয়াবহ পৰিস্থিতি অনুমান কৰিব পৰা যায়। বৃটিছ বিৰোধী ভাৰতীয়ৰ সেই ত্যাগক অনুভৱৱ কৰিব পাৰি। তেনে এক ইতিহাস প্ৰসিদ্ধ জালিয়ানৱালা বাগৰ সেই প্ৰৱেশদ্বাৰ পুনৰ নিৰ্মাণ কৰি ইতিহাস ধ্বংস কৰিলে চৰকাৰে। যাৰ বাাবে এতিয়া বিজেপি চৰকাৰক সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক, শৈক্ষিক মহলত সমালোচনাৰ কৰা হৈছে।
The First Pic is the Original Entrance of Jalianwala Bagh, from where General Dyer entered before ordering Massacre. It is a stark picture reminding of Horror. Second Picture is how it looks now after Narendra Modi Government Renovated it in name of "Preservation" pic.twitter.com/EIzTBXmzDT
— Joy (@Joydas) August 29, 2021
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে পুনৰ নিৰ্মাণ কৰা জালিয়ানৱালা বাগ উদ্বোধন কৰি কয় যে, ইয়াৰ ইতিহাস সুৰক্ষিত কৰাটো দেশৰ কৰ্তব্য।কিন্তু ইয়াৰ পাছতে সামাজিক মাধ্যমত বহুতেই চৰকাৰক নৱীকৰণৰ নামত ইতিহাস ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে।
What the hell is wrong with this man? What is so celebratory about the Jallianwala Bagh massacre that you need a light and sound show there for heavens sake? But I mean how can we expect those who were colluding with the British to understand the horrors of this day. https://t.co/wtZo24yzFv
— Hasiba | حسيبة | हसीबा 🌈 (@HasibaAmin) August 30, 2021
ইতিহাসবিদ এছ ইৰফান হাবিবে এই প্ৰসংগত টুইট কৰি কয়, 'এয়া হৈছে স্মাৰকসমূহৰ নিগমীকৰণ য'ত সেইবোৰে আধুনিক গাঁথনি হিচাপে শেষ হয়, ঐতিহ্যৰ মূল্য হেৰুৱায়।'
This is corporatisation of monuments, where they end up as modern structures, losing the heritage value. Look after them without meddling with the flavours of the period these memorials represent. https://t.co/H1dXQMmft7
— S lrfan Habib एस इरफान हबीब عرفان حبئب (@irfhabib) August 30, 2021
আনহাতে চিপিএমৰ নেতা সীতাৰাম য়েচুৰীয়ে কৈছে, "স্বাধীনতা সংগ্ৰামৰ পৰা আঁতৰি থকা সকলেহে এনে ধৰণৰ কেলেংকাৰী কৰিব পাৰে"।
Insulting our martyrs.
Jallianwala Bagh massacre of Hindus Muslims Sikhs who gathered together for Baisakhi galvanised our freedom struggle.
Every brick here permeated the horror of British rule.
Only those who stayed away from the epic freedom struggle can scandalise thus. https://t.co/KvYbl840qE
— Sitaram Yechury (@SitaramYechury) August 30, 2021
বুৰঞ্জীবিদ কিম এ ৱাগনাৰে টুইট কৰি কৈছে, '১৯১৯ চনৰ অমৃতসৰ গণহত্যাৰ স্থান জালিয়ানৱালাবাগক পুনৰ নিৰ্মাণ কৰা হৈছে বুলি শুনি আচৰিত হৈছো – অৰ্থাৎ ঘটনাটোৰ অন্তিম চিহ্নবোৰ কাৰ্যকৰীভাৱে মচি পেলোৱা হৈছে। মই মোৰ কিতাপখনত স্মাৰকটোৰ বিষয়ে লিখিছিলো, যি এতিয়া ইতিহাস হৈ পৰিছে।