আজিৰে পৰা ছবিগৃহত পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি “তাৰা এণ্ড আকাশ”

বহু প্ৰত্যাশাৰ অন্তত ভাৰতৰ ছবিগৃহত শুকুৰবাৰে মুক্তি লাভ কৰিলে অসম জীয়ৰী অলংকৃতাই মুখ্য চৰিত্ৰত অভিনয় কৰা এখন ছবি ৷

author-image
Asomiya Pratidin
New Update
432

ডিজিটেল সংবাদ, শিৱসাগৰ : বহু প্ৰত্যাশাৰ অন্তত ভাৰতৰ ছবিগৃহত শুকুৰবাৰে মুক্তি লাভ কৰিলে অসম জীয়ৰী অলংকৃতাই মুখ্য চৰিত্ৰত অভিনয় কৰা এখন ছবি ৷ এই ছবিখনৰ নাম “তাৰা এণ্ড আকাশ- লাভ বিয়ণ্ড ৰিয়েল্ম” ৷

অসম কন্যা অলংকৃতাই মুখ‍্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” নামৰ হিন্দী ভাষাৰ চিনেমাখন দেশৰ সকলো “পি ভি আৰ আইনক্স চিনেমাগৃহত একেলগে মুক্তি লাভ কৰে।

ভাৰতীয় চিনেমাৰ লিজেণ্ড আমোল পালেকাৰ, দিপ্তী নাভেল, বৈজেন্দ্ৰ কালাই অভিনয় কৰা পূৰ্ণদৈৰ্ঘ‍্যৰ চিনেমাখনৰ নায়ক জীতেশ ঠাকুৰৰ বিপৰীতে পূৰ্বৰ মিচ্ ডিভা ইউনিভাৰ্চৰ ফাইনেলিষ্ট অসমৰ অলংকৃতা বৰাই অতি মননশীল নায়িকাৰ চৰিত্ৰটিত বলিষ্ঠ অভিনয় কৰিছে। শ্ৰীনিবাস এব্ৰলে পৰিচালনা কৰা চিনেমাখনৰ সংগীত বলীউডৰ বিখ‍্যাত সংগীতজ্ঞ চি. সত‍্যৰ।

ভাৰত চৰকাৰৰ NFDC আৰু চুইজাৰলেণ্ড চৰকাৰৰ Switzerland Tourism and Swiss Airৰ সহযোগত মুম্বাইৰ ডব্লিউ এফ ই ফ্লিমচে চিনেমাখন প্ৰযোজনা কৰিছে। শাশ্বত প্ৰেম আৰু ভাৰতীয় দৰ্শনৰ প্ৰতিফলন ঘটা পৰিয়ালৰ সকলোৰে উপভোগ‍্য চিনেমাখনৰ ইতিমধ‍্যে কানাডাৰ টৰেন্ট’ ইন্টাৰনেচনেল ফ্লীম ফেষ্টিভেল আৰু গোৱাৰ ইন্টাৰনেচনেল ফ্লিম ফেষ্টিভেল অফ ইণ্ডিয়াত ক্ৰমে ৱৰ্ল্ড প্ৰিমিয়াৰ আৰু Asian Premiere হৈ গৈছে।

মুম্বাইত অনুষ্ঠিত ৱৰ্ল্ড অডিঅ ভিজুৱেল চামিট ডব্লিউ এ ভি ই-২০২৫ত ভাৰতৰ হৈ  “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” প্ৰদৰ্শিত হৈছিল।চিনেমাখনৰ মুক্তিৰ প্ৰাকমূহুৰ্তত ভাৰতৰ বিভিন্ন স্তৰৰ চিনেপ্ৰমী আৰু সংবাদজগতত বিশেষ চৰ্চা লাভ কৰিছে।

চিনেমা