/asomiyapratidin/media/media_files/2025/08/22/fe565e31-859d-4c21-93a1-0d02b9e8cb74-2025-08-22-09-00-38.jpg)
ডিজিটেল ডেস্কঃকেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জ্যেষ্ঠ আইপিএছ বিষয়া সতীশ গোলচাক দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ১৯৯২ বেটচৰ আইপিএছ বিষয়া গোলচাই এই পদত এছবিকে সিঙৰ স্থান ল’ব, যিয়ে ৩১ জুলাইৰ পৰা অস্থায়ীভাৱে আয়ুক্তৰ দায়িত্ব পালন কৰি আছিল।
এই নিযুক্তি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে দয়া হৈছে। ঘটনাটোত এজন ব্যক্তিয়ে জনশুনানিৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰিছিল। ঘটনাটোৰ মাত্ৰ এদিনৰ পাছতে দায়িত্বত থকা আৰক্ষী আয়ুক্তগৰাকীক বদলি কৰা হৈছে। বৰ্তমান তিহাৰ জে'লৰ মহানিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰা গোলচাই পূৰ্বে দিল্লী আৰক্ষীত উপ-আয়ুক্ত, যুটীয়া আয়ুক্ত আৰু বিশেষ আয়ুক্ত (আইন-শৃংখলা আৰু চোৰাংচোৱা) হিচাপে কাম কৰিছে।
তেওঁ ২০২০ চনৰ উত্তৰ-পূৰ্ব দিল্লীৰ সংঘৰ্ষৰ সময়ত বিশেষ আয়ুক্ত হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ২০২২-২০২৩ চনত অৰুণাচল প্ৰদেশৰ আৰক্ষী মহানিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ বিস্তৃত অভিজ্ঞতাৰ বাবে এই নিযুক্তিয়ে ৰাজধানীৰ নিৰাপত্তাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত শান্ত আৰু অভিজ্ঞ নেতৃত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে।