/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-2026-03-01-12-33-58.jpeg)
ডিজিটেল ডেস্কঃ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই মৃত্যুৰ পাছত তেওঁক দ্বিতীয় পুত্ৰ মুজতাবা খামেইনীক নতুন সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হৈছে। সমান্তৰালভাৱে ইৰানে ঘোষণা কৰিছে নতুন কামাণ্ডাৰ-ইন-চীফৰ নাম। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে আহমদ ৱাহিদীক। উল্লেখযোগ্য যে, ২০২৫ চনৰ ৩১ ডিচেম্বৰত ভাহিদীক উপ-মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।
১৯৫৮ চনৰ ২৭ জুনত ইৰাণৰ শ্বিৰাজত জন্মগ্ৰহণ কৰিছিল আহমদ ৱাহিদীৰ। ১৯৮৮ চনৰ পৰা ১৯৯৮ চনলৈকে ইৰাণৰ বাহিৰত সামৰিক আৰু চোৰাংচোৱা অভিযানৰ বাবে দায়বদ্ধ আই আৰ জি চিৰ শাখা কুদছ বাহিনীৰ প্ৰথম সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ইফালে, ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা ৱাহিদীয়ে এক্সপিডিয়েন্সি ডিচাৰ্নমেণ্ট কাউন্সিলৰ সদস্য আৰু উচ্চতম ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ অধ্যক্ষও আছিল। ১৯৯৪ চনত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ইহুদী কেন্দ্ৰত সংঘটিত বোমা বিস্ফোৰণত ৮৫ জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি ইন্টাৰপলৰ ৰেড নোটিচ তালিকাত আছে ৱাহিদি।
উল্লেখযোগ্য যে, বাহিদীক আমেৰিকা আৰু ইউৰোপীয় সংঘৰ অসংখ্য নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞাৰ কাৰণ হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু ২০২২ চনৰ প্ৰতিবাদৰ সময়ত মানৱ অধিকাৰ উলংঘাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us