ন্যায়াধীশৰ বাবে পঞ্চ তাৰকাযুক্ত হোটেলৰ সুবিধা কেতিয়াও বিচৰা নাইঃ দিল্লী উচ্চ ন্যায়ালয়…

ন্যায়াধীশৰ বাবে পঞ্চ তাৰকাযুক্ত হোটেলৰ সুবিধা কেতিয়াও বিচৰা নাইঃ দিল্লী উচ্চ ন্যায়ালয়…

ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে অশোক হোটেলৰ ৰূমৰ সন্দৰ্ভত কয় যে ন্যায়াধীশৰ বাবে পঞ্চতাৰকাযুক্ত হোটেলত ১০০খন বিচনাৰ সুবিধা কেতিয়াও দাবী কৰা হোৱা নাই। লগতে দিল্লী উচ্চ ন্যায়ালয়ে কয়- আমি বাতৰিসমূহ পঢ়িছো। আমি এনেধৰণৰ কোনো অনুৰোধ জনোৱা নাই।

লগতে ন্যায়ালয় কয়- আপোনালোকে কল্পনা কৰক যে কেনেকৈ আমি এনেকুৱা কাম কৰিব পাৰিম। মানুহে হাস্পতালত বিচনা পোৱা নাই, তেনেস্থলত আমি ফাইভ ষ্টাৰ হোটেলৰ বিচনা বিচাৰিম নেকি? সংবাদমাধ্যম ভুল নহয়, আপোনালোকৰ নিৰ্দেশৰ ভুল। আপোনালোকে কেৱল এটা শ্ৰেণীৰ লোককহে এই সুবিধা কেনেদৰে প্ৰদান কৰিব পাৰে বুলিও দিল্লী চৰকাৰক প্ৰশ্ন কৰি ইয়াৰ উত্তৰ দিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে কয় দিল্লী চৰকাৰক।

দিল্লী চৰকাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। চৰকাৰে এই সন্দৰ্ভত কৈছে যে, ইয়াৰ আঁৰত কোনো দুঃচিন্তা নাছিল। তেতিয়া উচ্চ ন্যায়ালয়ে কয় যে চৰকাৰে এই নিৰ্দেশ বাতিল কৰিব লাগে। আৰু চৰকাৰে এই নিৰ্দেশ বাতিল কৰা হ'ব বুলি কয় ন্যায়ালয়ক। উল্লেখ্য যে, বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in