এতিয়াৰে পৰা “পৰাক্ৰম দিৱস” হিচাপে উদযাপিত হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী…

এতিয়াৰে পৰা “পৰাক্ৰম দিৱস” হিচাপে উদযাপিত হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী…

ডিজিটেল ডেস্কঃ ২৩ জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন। তেওঁ আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী কিংবদন্তী নেতা। দুবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল সুভাষ চন্দ্ৰ বসু।

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল যে প্ৰতিবছৰে সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হ'ব। শিৱসাগৰৰ বিশাল জনসভাত উপস্থিত হৈ জনসাধাৰণক মাটিৰ পট্টা বিতৰণ অনুষ্ঠানত অংশ লৈ এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শনিবাৰৰ দিনটোত টুইটাৰযোগে সুভাস চন্দ্ৰ বসুৰ কথা স্মৰণ কৰি লিখে যে তেওঁ সঁচা অৰ্থত এজন ভাৰতীয় আৰু ভাৰত মাতৃৰ সন্তান। দেশে সদায় তেওঁ ত্যাগ আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰিব বুলিও তেওঁ টুইটটোত উল্লেখ কৰে।

ইফালে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তীত কলকতাত পৃথক পৃথক জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু মমতা বেনাৰ্জীয়ে। কলকতাৰ নেতাজী পুথিভঁৰালৰ "Re-visiting the legacy of Netaji Subhas in the 21st century" আলোচনা চক্ৰত ভাগ ল'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আনহাতে তৃণমূল কংগ্ৰেছে দাবী কৰিছে যে আগন্তুক পশ্চিম বংগৰ নিৰ্বাচনৰ বাবে নেতাজী সুভাস চন্দ্ৰ বসুক শাসকীয় চৰকাৰখনে ঢাল হিচাপে বিবেচনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in