নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

নেপালত চলি থকা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে গ্ৰহণ কৰিছে কে পি শৰ্মা অলিৰ পদত্যাগ পত্ৰ।

author-image
Asomiya Pratidin
New Update
web ap nepal

ডিজিটেল ডেস্কঃ নেপালত চলি থকা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে গ্ৰহণ কৰিছে কে পি শৰ্মা অলিৰ পদত্যাগ পত্ৰ। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে দেশৰ পৰিস্থিতি সুস্থিৰ নহ’ব বুলি সদৰি কৰিছিল সেনাই। সম্প্ৰতি, যিকোনো মুহুৰ্ততে কে পি শৰ্মা অলিয়ে দেশ এৰাৰ সম্ভাৱনাই দেখা দিছে। স্বাস্থ্যজনিত কাৰণৰ দোহাই দি ডুবাইলৈ যোৱাৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীগৰাকীৰ।

উল্লেখযোগ্য যে, আজি সন্ধিয়া ৬ বজাত নেপালৰ প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল। পৰিস্থিতিৰ মূল্যায়ন কৰি এক অৰ্থপূৰ্ণ সিদ্ধান্তত উপনীত হ’বলৈ সংশ্লিষ্ট পক্ষৰ সৈতে কথা পাতিছিল। কঠিন পৰিস্থিতিত ধৈৰ্য্য বজাই ৰাখিবলৈ সকলোকে বিনম্ৰ অনুৰোধ জনাইছিল। কে পি শৰ্মা অলিয়ে কিন্তু তাৰ পূৰ্বেই দুপৰীয়া পদত্যাগ কৰে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

WhatsApp Image 2025-09-09 at 2.40.57 PM
পদত্যাগ পত্ৰ

ইফালে, নেপালত অব্যাহত হিংসাত্মক প্ৰতিবাদ। প্ৰতিবাদৰ বাবেই  ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সকলো বিমান বাতিল কৰা হৈছে।  টিআইএৰ জেনেৰেল মেনেজাৰ হন্সৰাজ পাণ্ডেই সদৰি কৰা অনুসৰি কোটেশ্বৰৰ সমীপত ধোঁৱা দেখা পোৱাৰ পিছত নিশা ১২:৪৫ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে।

আনহাতে, কে পি শৰ্মা অলি আৰু ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে কৰে অগ্নিসংযোগ। উগ্ৰ প্ৰতিবাদকাৰীয়ে তথ্য আৰু যোগাযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙৰ বাসগৃহতো জুই লগাই দিয়ে। প্রাক্তন প্রধানমন্ত্রী পুষ্প কমল দাহাল ওৰফে প্রচন্দৰ ঘৰৰ বাহিৰৰ আৰক্ষী চকীতো অগ্নিসংযোগ কৰা হয় ৷ ৰাউতহাটৰ চন্দ্ৰপুৰ পৌৰসভাতো অগ্নিসংযোগৰ খবৰ পোৱা গৈছে। একেদৰে, নেপালৰ উপ-প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী বিষ্ণু পৌডেলৰ বাসগৃহত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰে। নেপাল ৰাষ্ট্ৰ বেংকৰ গৱৰ্ণৰ বিশ্ব পৌডেলৰ বাসগৃহতো শিলগুটি নিক্ষেপ কৰা হয়। ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে বুধনীলকান্তৰ শক্তি মন্ত্ৰী দীপক খাডকাৰ ঘৰতো ভাঙি জুই লগাই দিয়ে।

নেপাল