/asomiyapratidin/media/media_files/2025/12/18/1-2025-12-18-22-46-18.jpg)
ডিজিটেল ডেস্কঃ নেপালৰ প্ৰাক্তন তথা ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী পুনৰবাৰ দেশখনৰ শক্তিশালী ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (UML)-ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। দলটোৰ চলি থকা একাদশ ৰাষ্ট্ৰীয় সন্মিলনত অনুষ্ঠিত নিৰ্বাচনৰ অন্তত অলীয়ে পুনৰ নেতৃত্ব দখল কৰিবলৈ সক্ষম হয়।
এই নিৰ্বাচনত কে পি শৰ্মা অলীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীঈশ্বৰ পোখৰেলক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে, এই বিজয়ৰ লগে লগে অলীয়ে তৃতীয়বাৰৰ বাবে দলটোৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। নির্বাচনত শ্রী অলীয়ে ১৬৬৩ টা ভোট পোৱাৰ বিপৰীতে ঈশ্বৰ পোখৰেলে ৫৬৪ টা ভোট লাভ কৰে।
একাদশ ৰাষ্ট্রীয় কংগ্ৰেছতে ইউ এম এলৰ অন্যান্য বিষয়ববীয়াসকলকো নির্বাচন কৰা হয়। শংকৰ পোখবেল দলৰ সাধাৰণ সচিবৰূপে নির্বাচিত হয়। তেওঁ এহেজাৰ ১২২৮ টা ভোট লাভ কৰে। পোখৰেলৰ প্রতিদ্বন্দ্বী সুৰেন্দ্র প্রসাদ পাণ্ডেই ৯৯৯ টা ভোট লাভ কৰে।
দলৰ কেন্দ্রীয় নির্বাচক আয়োগৰ মতে উপ-অধ্যক্ষ পদটোৰ বাবে বহুকেইজনে প্রার্থীত্ব আগবঢ়াইছিল। ইয়াৰে পৃথবী শুভ গুৰুঙে ১৭৩৭ টা, বিষ্ণু প্ৰসাদ পৌদেলে এহেজাৰ ৬৭৫ টা, বাম বাহাদুৰ থাপাই এহেজাৰ ৫১৬ টা, গোকানা ৰাজ বিষ্টাই ১৩৬৮ টা আৰু ৰঘুজী পাল্টে ১২৫৮ টা ভোট লাভ কৰে।
একেদৰে উপ-সাধাৰণ সম্পাদকৰ বাবে লেখৰাজ ভট্টাই ১৪৫২ টা, বন্ধুবীৰ মহাসেঠে ১৩৬৮টা আৰু যোগেশ ভট্টাৰায়ে ১৩৪৮ টা ভোট লাভ কৰে। মহেশ বাছনেটে ১৫৪৪টা ভোটেৰে দলৰ নতুন সচিবৰূপে নির্বাচিত হৈছে। দলৰ নিৰ্বাচিত অন্যান্য সচিবসকল হৈছে, ছবিলাল বিশ্বকর্মা, পদ্মকুমাৰী আবিয়াল, শ্বেৰধন ৰায়, হিকমট কুমাৰ কার্কি, খজৰাজ অধিকাৰী, যামলাল কান্দেল, বাজন ভট্টাবায়, ভানুভক্ত ডকাল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us