১৫০০০ কয়দী পলাল নেপালৰৰ কাৰাগাৰৰ পৰাঃ সেনাৰ হাতত গুলীবিদ্ধ ১২ টা অপৰাধী...

এতিয়াও স্বাভাৱিক হোৱা নাই নেপালৰ পৰিস্থিতি। অস্থিৰ নেপালৰ পৰিস্থিতি চম্ভালিবলৈ সেনাই দায়িত্ব হাতত লৈছে যদিও ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে। 

author-image
Tushar Pratim
New Update
১৫০০০ কয়দী পলাল নেপালৰৰ কাৰাগাৰৰ পৰাঃ সেনাৰ হাতত গুলীবিদ্ধ ১২ টা অপৰাধী

ডিজিটেল ডেস্কঃ এতিয়াও স্বাভাৱিক হোৱা নাই নেপালৰ পৰিস্থিতি। অস্থিৰ নেপালৰ পৰিস্থিতি চম্ভালিবলৈ সেনাই দায়িত্ব হাতত লৈছে যদিও ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে। 

তাৰ মাজতেই নেপালৰ ৰামেছাপত থকা কাৰাগাৰৰ পৰা কাৰাবন্দীসকলে পলাবলৈ চেষ্টা কৰে। সেই পৰিস্থিতিতে সেনাই গুলীচালনা কৰে আৰু দুজন কয়দীৰ মৃত্যু হৈছে। তাৰ পূৰ্বে আন স্থানত হোৱা সংঘৰ্ষৰ সময়ত ১০ জন কয়দী সেনাৰ গুলীত নিহিত হৈছে।

নেপালৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সেনাই দায়িত্ব হাতত লোৱাৰ পিছতে এইদৰেই কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰা কয়দী সেনাৰ হাতত গুলীবিদ্ধ হৈছে। তাৰ পূৰ্বে বহু কয়দীয়ে কাৰাগাৰৰ পৰা ইতিমধ্যে পলায়ন কৰিছে। 

তাৰ মাজতেই কাঠমাণ্ডুৰ পৰা পলায়ন কৰা দুধৰ্ষ বাংলাদেশী অপৰাধীক এছ এছ বিয়ে কৰায়ত্ত কৰিছে। বিহাৰ-নেপাল সীমান্তৰ ৰক্সাউল সীমান্তৰ নিৰাপত্তাৰ কামত নিয়োজিত এছ এছ বিৰ ৪৭ নং বেটেলিয়নে আটক কৰে বাংলাদেশী অপৰাধী মহম্মদ আবুল হাছান ধালীক। 

এছ এছ বিৰ ৪৭ নং বেটেলিয়নৰ কমাণ্ডেণ্ট সঞ্জয় পাণ্ডেই জনোৱা মতে যোৱা তিনিদিন ধৰি নেপালৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমান্তত টহল বৃদ্ধি কৰা হৈছে। বুধবাৰে বিয়লি প্ৰায় ৩ বজাত সন্দেহৰ ভিত্তিত এজন ব্যক্তিক আটক কৰা হয়।

তদন্তৰ সময়ত মহম্মদ আবুল হাছান ধালীয়ে কয় যে তেওঁ পাঁচ বছৰ ধৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ কাৰাগাৰত বন্দী হৈ আছিল আৰু দেশখনৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে কাৰাগাৰ ভাঙি পেলোৱাৰ পিছতে তেওঁ পলায়ন কৰে।

স্মৰ্তব্য যে, নেপালৰ এই অস্থিৰ পৰিস্থিতিৰ মাজতে দেশখনৰ কাৰাগাৰত বন্দী হৈ থকা ১৫০০০ কয়দীয়ে পলায়ন কৰিছে। ইয়াৰ ভিতৰত আছিল বহু কেইজন নেপালৰ আৰু বিদেশৰো দুধৰ্ষ অপৰাধী।

নেপাল