চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
মুখ্য-পৃষ্ঠা আন্তঃৰাষ্ট্ৰীয়

ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে নেপাল চৰকাৰে

দেশখন চলি থকা প্ৰতিবাদ, ক্ষোভৰ জুইৰ ফলত সৃষ্টি হোৱা গভীৰ সংকটৰ মাজতে সোমবাৰে নিশা চৰকাৰে কেবিনেট বৈঠক আহ্বান কৰিছিল। এই কেবিনোট বৈঠকতে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
09 Sep 2025 09:27 IST

Follow Us

New Update
WhatsApp Image 2025-09-09 at 9.16.25 AM

ডিজিটেল ডেস্কঃ হিংসাত্মক প্ৰতিবাদৰ মাজতে নেপাল চৰকাৰে ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এই নিষেধাজ্ঞা উঠাই লোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে।

দেশখন চলি থকা প্ৰতিবাদ, ক্ষোভৰ জুইৰ ফলত সৃষ্টি হোৱা গভীৰ সংকটৰ মাজতে সোমবাৰে নিশা চৰকাৰে কেবিনেট বৈঠক আহ্বান কৰিছিল। এই কেবিনোট বৈঠকতে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, দেশখনত ২৬টা সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। দেশৰ ৰাজধানী চহৰৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীক ৰুধিবলৈ নিয়োগ কৰা হৈছিল সেনা বাহিনী। এই প্ৰতিবাদত এই পৰ্যন্ত ২৪ৰ মৃত্যু হোৱাৰ লগতে আগত হৈছে শতাধিক লোক। 

ইফালে, কেবিনেট বৈঠকৰ পাছত নেপালৰ যোগাযোগ, তথ্য আৰু প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে ঘোষণা কৰে যে, চৰকাৰে GenZৰ দাবী মানি সামাজিক মাধ্যম পুনৰ খোলাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, তেওঁ স্পষ্ট কৰে যে পূৰ্বৰ নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্তৰ বাবে চৰকাৰে কোনো অনুতাপ নাই।  চৰকাৰে পূৰ্বৰ সিদ্ধান্তৰ বাবে আক্ষেপ নকৰে, কিন্তু আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে। নেপালত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পথ পুনৰ মুকলি কৰা হৈছে। লগতে আন্দোলনৰ অন্ত পেলাবলৈ প্ৰতিবাদকাৰীক আহ্বান জনায়।

আনহাতে, এই কেবিনেট বৈঠকতে হিংসাত্মক ঘটনা পৰ্যালোচনাৰ বাবে এখন অনুসন্ধান সমিতি গঠন কৰা হৈছে। সমিতিখনে ১৫ দিনৰ ভিতৰত নেপাল চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।

নেপাল
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!