নেপলাৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ পদত্যাগ

ৰামচন্দ্ৰ পৌডেলে প্ৰতিবাদকাৰী সকলক সংযম কৰি সমস্যা সমাধানৰ উদ্দেশ্যে আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই যদিও অপৰিৱৰ্তিত পৰিস্থিতিৰ ফলত পদত্যাগৰ সিদ্ধান্ত লয় শ্ৰী পৌডেলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃপদত্যাগ কৰিলে নেপলাৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে। মঙলবাৰে দিনত দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰা কিছু সময় পাছতে এই সিদ্ধান্ত লয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে, ৰামচন্দ্ৰ পৌডেলে প্ৰতিবাদকাৰী সকলক সংযম কৰি সমস্যা সমাধানৰ উদ্দেশ্যে আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই যদিও অপৰিৱৰ্তিত পৰিস্থিতিৰ ফলত পদত্যাগৰ সিদ্ধান্ত লয় শ্ৰী পৌডেলে।

দেশখনে এক কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে বুলিও তেওঁ উল্লেখ কৰে। নেপালত চলি থকা প্ৰতিবাদৰ মাজতে আজি পদত্যাগ কৰিছিল দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে গ্ৰহণ কৰিছিল কে পি শৰ্মা অলিৰ পদত্যাগ পত্ৰ। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে দেশৰ পৰিস্থিতি সুস্থিৰ নহ’ব বুলি সদৰি কৰিছিল সেনাই।

নেপাল