/asomiyapratidin/media/media_files/2025/09/11/nepal-army-11-2025-09-11-12-21-50.jpg)
ডিজিটেল ডেস্কঃ নেপালত চলি থকা প্ৰতিবাদৰ মাজতে এজনৰ পিছত এজনকৈ নেতা, মন্ত্ৰী ক্ষোভিত প্ৰতিবাদকাৰীৰ হাতত প্ৰহৃত হ’বলগীয়া হৈছে। ঘৰৰ পৰা টানি উলিয়াই আনি তেওঁলোকক প্ৰহাৰ কৰাৰ লগতে বাসগৃহও ধ্বংস কৰি জ্বলাই দিয়া হৈছে।
বহু কেইজন দুৰ্নীতিগ্ৰস্ত নেতাৰ বাসগৃহৰ পৰা নগদ ধন, অলংকাৰ, বিলাসী সামগ্ৰী আদি উদ্ধাৰ কৰি প্ৰতিবাদকাৰীয়ে সকলোৰে মাজত বিলাই দিয়া দৃশ্যও ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত প্ৰাণৰ মমতাত এতিয়া দেশ এৰি পলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বহু নেতা, মন্ত্ৰীয়ে।
ইতিমধ্যেই দেশ এৰি পলায়ন কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। শেহতীয়াকৈ সেনাই দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত নামিছে। তাৰ মাজতেই উদ্ধাৰ কৰিছে বহু কেইজন নেতা, মন্ত্ৰীকো।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কিছু দৃশ্য। এই দৃশ্যত দেখা গৈছে সামৰিক বাহিনীৰ হেলিকপ্টাৰৰ ৰছীত ধৰি জোৱানৰ কান্ধত উঠি পলায়ন কৰিছে মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালে।
উল্লেখ্য যে, নেপালত বৃদ্ধি পোৱা দুৰ্নীতি, স্বজন-তোষনৰ মাজতেই নেপাল চৰকাৰে বন্ধ কৰি দিছিল ২৬ টাকৈ সামাজিক মাধ্যম। তাৰ পাছতেই আৰম্ভ হৈছিল প্ৰতিবাদ।
সামাজিক মাধ্যম বন্ধ কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদ পৰৱৰ্তী সময়ত নেপাল চৰকাৰৰ দুৰ্নীতি, স্বজন-তোষনৰ বিৰুদ্ধেও তীব্ৰ হৈ পৰে। এই প্ৰতিবাদৰ মাজতেই নেপাল আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱাই ১৯ জনে। আহত হয় ৩০০ ৰো অধিক। বৰ্তমান এই মৃত্যুৰ সংখ্যা ৩০ জনৰো অতিক্ৰম হৈছে।
প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ ভৱন আদি।ৰাজপথত দেখা গৈছে বহু প্ৰতিবাদকাৰীয়ে নেপালৰ একাংশ মন্ত্ৰী, তেওঁলোকৰ আত্মীয়ক প্ৰহাৰ কৰিছে। জ্বলাই দিছে তেওঁলোকৰ বাসগৃহও।
প্ৰহৃত এই নেতাৰ মাজত বৰ্তমানৰ কেইবাগৰাকী নেতা, মন্ত্ৰীৰ উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰীও আছে।এনে পৰিস্থিতিতে প্ৰাণ ৰক্ষাৰ বাবে এই নেতা, মন্ত্ৰীসকলে দেশ এৰি পলায়নৰ চেষ্টা কৰিছে।
সেনাই বহু নেতা, মন্ত্ৰী, তেওঁলোকৰ আত্মীয়ক উদ্ধাৰ কৰিছে। কিন্তু সেইসকলক ক’লৈ লৈ যোৱা হৈছে সেয়া জানিব পৰা হোৱা নাই। দেশখনৰ কোনো গোপন স্থানত তেওঁলোকক সুৰক্ষিত কৰি ৰখা হৈছে নে দেশৰ সীমা পাৰ কৰি আন কোনো দেশলৈ সুৰক্ষা জনিত কাৰণত প্ৰেৰণ কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই।
Dramatic scenes in Nepal as ministers and their families literally cling to army helicopter ropes to escape massive#Nepal#GenZProtests#Breakingpic.twitter.com/51SYgZK2hE
— KRoshan (@Kroshan4k) September 11, 2025