/asomiyapratidin/media/media_files/2026/01/19/bfdgdefdsf-2026-01-19-11-32-59.jpg)
ডিজিটেল ডেস্কঃ নেপালত এতিয়া নিৰ্বাচনৰ বতৰ। দেশখনত এতিয়া তীব্ৰ ঠাণ্ডাৰ মাজতো নিৰ্বাচনী প্ৰচাৰে ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰিছে। ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে শেহতীয়াকৈ তিনিটা ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে।
দেশখনৰ সৰ্ববৃহৎ দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউনিফাইড মাৰ্ক্সিষ্ট-লেনিনিষ্ট)য়ে আনুষ্ঠানিকভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীকে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। ইফালে, নেপালৰ আটাইতকৈ পুৰণি দল নেপালী কংগ্ৰেছ আৰু নৱগঠিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক ৫০ বছৰৰ তলৰ বুলি ঘোষণা কৰিছে।
আনহাতে, বিগত সপ্তাহটোত ৪৯ বছৰীয়া গগন থাপা নেপালী কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। নিৰ্বাচিত হোৱাৰ লগে লগে দলৰ উপ সভাপতি বিশ্ব প্ৰকাশ শৰ্মাই ঘোষণা কৰে যে, থাপা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত নেপালত জেন-জিৰ প্ৰতিবাদৰ ফলত সলনি হৈছিল চৰকাৰ। শতাধিক ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কাঠমাণ্ডুৰ বালুৱাটাৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ ফলত তদানীন্তন প্ৰধানমন্ত্ৰী অলিয়ে সেনাৰ হেলিকপ্টাৰেৰে পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ পাছত প্ৰথমবাৰলৈ ৫ মাৰ্চত দেশখনত অনুষ্ঠিত হব সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনক লৈ দৃষ্টি ৰাখিছে সমগ্ৰ বিশ্বই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us