/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-18-24-14.jpeg)
ডিজিটেল ডেস্কঃ নেপালত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে Gen-Zৰ প্ৰতিবাদে। Gen-Zৰ তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ শাসন ব্যৱস্থা সলনি হোৱাৰ দুমাহৰ পাছত পুনৰ ক্ষোভিত হৈ পৰিছে দেশখনৰ যুৱ প্ৰজন্ম।
উল্লেখ্য যে , নেপালৰ বাৰা জিলাত Gen-Zৰ প্ৰতিবাদকাৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ কমিউনিষ্ট পাৰ্টি অব্ নেপালৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষৰ পাছতেই জাৰি কৰিছিল সান্ধ্য আইন । সান্ধ্য আইন জাৰি কৰাৰ পাছতেই পুনৰ উত্তেজনা বৃদ্ধি পাইছে এতিয়া নেপালত।
তাৰোপৰি, Gen-Zৰ আন্দোলন দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰাৰ মাজতে জনসাধাৰণৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিয়েই পুনৰ সান্ধ্য আইনৰ নিৰ্দেশনা দিয়ে । এই নতুন প্ৰজন্মৰ আন্দোলনে অতি হিংসাত্মক ৰূপ ধাৰণ কৰিছে।
প্ৰাণিধানযোগ্য যে প্ৰতিবাদৰ প্ৰথম দিনাই জাৰি কৰা হৈছিল সান্ধ্য আইন। বাৰা জিলাৰ চেমৰাত চিপিএন-ইউএমএলৰ নেতা মহেশ বাছনেটৰ এক অনুষ্ঠানক লৈ আৰম্ভ হোৱা সংঘৰ্ষই এক হিংসাত্মক বিক্ষোভলৈ পৰিণত হয়।
শেহতীয়া খবৰ অনুসৰি এই প্ৰতিবাদত আহতৰ সংখ্যাও বৃদ্ধি পাইছে। এই বিশৃংখলতাত আতংকিত হৈ নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলক ক্ষান্ত হোৱাৰ আহ্বান জনাই । ইয়াৰ লগতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us