/asomiyapratidin/media/media_files/2026/03/07/whatsapp-image-2026-2026-03-07-10-57-49.jpeg)
ডিজিটেল ডেস্কঃ ৰেপ মিউজিকৰ পৰা ৰাজনীতিলৈ যাত্ৰা কৰা বালেন্দ্ৰ শ্বাহৰ নৱগঠিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে নেপালত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। চুবুৰীয়া দেশখনত জেন জেড প্ৰতিবাদৰ পিছত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত আৰ এছ পিয়ে এই পৰ্যন্ত ২০খন আসন লাভ কৰাৰ বিপৰীতে আন ৯৮খন আসনত আগবাঢ়ি আছে।
আনহাতে, শেহতীয়া তথ্য অনুসৰি নেপালী কংগ্ৰেছে ৪ খন আসন লাভ কৰি আন ১১খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে চিপিএন-এমএলএ এখন আসন লাভ কৰি ১১টা সমষ্টিত আগবাঢ়ি আছে। নেপালী কমিউনিষ্ট পাৰ্টিয়ে দুখন আসন লাভ কৰি ১০টা সমষ্টিত আগবাঢ়ি আছে। পূৰ্বে ৬খন আসনৰ বিপৰীতে এতিয়া মাত্ৰ তিনিখন আসনত আগবাঢ়ি আছে শ্ৰম সংস্কৃত পাৰ্টি।
উল্লেখযোগ্য যে, কাঠমাণ্ডুৰ মেয়ৰ হিচাপে থকা বালেন্দ্ৰ শ্বাহে ৫ নং ঝাপা সমষ্টিত ১৫ হাজাৰৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে। শ্বাহে সমষ্টিটোৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী তথা চিপিএন এএমএলৰ অধ্যক্ষ কেপি শৰ্মা অলিৰ বিৰুদ্ধে এই ব্যবধানত আগবঢ়াক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা। আনহাতে, অলিয়ে এতিয়ালৈকে মাত্ৰ ৩৩০০ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, নৱপ্ৰজন্মৰ পৰা ব্যাপক সমৰ্থন লাভ কৰা ৩৫ বছৰীয়া এইজন বালেন্দ্ৰ শ্বাহেই নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ভংগুৰ ৰাষ্ট্ৰখনত প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহৰ আধিপত্য উফৰাই বৃহত জয়ৰ দিশে আগবাঢ়িছে শ্বাহৰ নৱগঠিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি। উল্লেখ্য যে, নেপালত বিগত ১৮ বছৰত ১৪ বাৰ চৰকাৰ সলনি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us