/asomiyapratidin/media/media_files/2025/09/09/new-ap-web-2-18-2025-09-09-19-02-32.jpg)
ডিজিটেল ডেস্কঃ ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি। সামাজিক মাধ্যমৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে নেপালৰ ৰাজনীতিয়েই সলনি কৰি পেলালে। এই প্ৰতিবাদ জেন জেডৰ মাজতে সীমাবদ্ধ হৈ থকা নাই।
এই প্ৰতিবাদৰ মাজতে নেপালৰ শাসকীয় চৰকাৰৰ দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জনতাৰ মাজত পুঞ্জিভূত ক্ষোভৰো বিস্ফোৰণ ঘটিছে হয়। এই বিস্ফোৰণৰ মাজতে পদত্যাগ কৰিবলৈ বাধ্য হৈছে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে।
জনতাৰ ভয়াৱহ প্ৰতিবাদৰ মাজতে প্ৰথমে দেশখনৰ গৃহমন্ত্ৰী আৰু আজি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে প্ৰদত্যাগ কৰিছে। প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছতেই প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে তেওঁৰ কাৰ্যালয়ৰ লগতে দেশখনৰ সংসদ ভৱন।
অগ্নি সংযোগ কৰিছে ৰাষ্ট্ৰপতি ভৱনতো। একাংশ প্ৰতিবাদকাৰীয়ে তাৰ মাজতে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু সাংসদ ভৱনৰ পৰা বিভিন্ন সামগ্ৰী লৈ উধাও হোৱাৰ দৃশ্যও পোহৰলৈ আহিছে।
আনহাতে প্ৰতিবাদকাৰীয়ে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ বাসগৃহতো অগ্নি সংযোগ কৰিছে। এই অগ্নিকাণ্ডৰ মাজতে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুওৱা বুলি খবৰ আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকাৰৰ। তাৰোপৰি প্ৰহৃত হৈছে নেপালৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীও।
প্ৰতিবাদকাৰীয়ে প্ৰহাৰ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু বৈদেশিক মন্ত্ৰী আৰ্জু ৰাণাক। মঙলবাৰে পুৱাৰে পৰা নেপালৰ বিভিন্ন প্ৰান্তত কেকইবাজনো শাসকীয় নেতা-মন্ত্ৰী ঘৰত জুই লগাই দিয়া হৈছে।
এইদৰেই নেপালত এতিয়া প্ৰতিবাদ অপ্ৰতিৰোধ্য হৈ পৰাৰ লগতে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। অৱশ্যে প্ৰতিবাদৰ নেতৃত্ব লোৱা জেন জেডৰ এটা অংশই প্ৰতিবাদকাৰীক শান্ত হ’বলৈ আহ্বান জনাইছে।
এক বিবৃতি জাৰি কৰি তেওঁলোকে কয়, দেশ এতিয়া তেওঁলোকৰ নেতৃত্বত আছে। তাৰোপৰি তেওঁলোকে কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছতেই কাঠমাণ্ডুৰ মেয়ৰ ৩৫ বছৰীয়া বালেন্দ্ৰৰ হাতত ক্ষমতা অৰ্পণ কৰিবলৈ বিচাৰিছে।
চুবুৰীয়া দেশখনৰ এনে ৰাজনৈতিক উত্তেজনাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে ভাৰত চৰকাৰে। ইতিমধ্যে ভাৰত-নেপালৰ মাজত চলা ইণ্ডিগ’ বিমানসেৱা বাতিল কৰা হৈছে।তাৰোপৰি ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
এই পৰিস্থিতিত দেশখন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়ক আহ্বান জনাইছে বৈদেশিক মন্ত্ৰণালয়ে। তাৰোপৰি যিসকল নাগৰিক নেপালত আৱদ্ধ হৈ আছে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
দেশখনৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে, সুৰক্ষাজনিতক কাৰণতে তেওঁলোকক মুকলিকৈ চলাফুৰা নকৰিবলৈ আহ্বান জনাইছে। তাৰোপৰি সকলো ধৰণৰ সাহায্যৰ বাবে নেপালৰ কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে ইতিমধ্যে জাৰি কৰিছে দুটাকৈ হেল্প লাইন নম্বৰ। হেল্প লাইন নম্বৰ দুটা +977-9808602881 আৰু +977-9810326134।