/asomiyapratidin/media/media_files/2025/09/01/cricket-01-2025-09-01-20-13-24.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বিৰুদ্ধে ছিনিয়ৰ পুৰুষৰ টি-২০ প্ৰীতি শৃংখলাত নেপালে ৩-২ ব্যৱধানত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। গুৱাহাটীৰ এচিএ ষ্টেডিয়াম আৰু ফুলুঙৰ এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত হোৱা পাঁচখন খেলৰ ছিৰিজৰ পঞ্চম তথা অন্তিম খেলত অতিথি দলটো ৪৪ ৰাণত জয়ী হয়।
নিৰ্ণায়ক হৈ পৰা অন্তিম খেলত টছত জয়ী হৈ পোনতে বেটিং কৰা নেপালে ২০ অভাৰত ৬ উইকেটত ২০৮ ৰাণ সংগ্ৰহ কৰে, য’ত সন্দীপ জোৰাৰ ৩৯ বলত ৬৪ ৰাণ, শুভ কাঞ্চাকাৰৰ ২৬ বলত ৪১ ৰাণ আৰু ঈশান পাণ্ডেৰ ২০ বলত ৩২ ৰাণ সংগ্ৰহ উল্লেখযোগ্য আছিল। বলিঙত অসমৰ হৈ আয়ুষ্মান মালাকাৰে ৩৪ আৰু অভিনৱ চৌধুৰীয়ে ৪১ ৰাণৰ বিনিময়ত দুটাকৈ উইকেটৰ পতন ঘটায়৷
প্ৰত্যুত্তৰত অসমে ৯ উইকেটত ১৬৪ ৰাণ কৰিবলৈহে সক্ষম হয়। অসম দলটোৰ হৈ ভাৰ্গব প্ৰতিম লহকৰে ১৭ বলত অপৰাজেয় ২৯ ৰাণ, চাহিল জৈনে ২৫, সুমিত ঘাদিগাওকাৰৰ ২৫, হৃষিকেশ তামুলীয়ে ১৭ আৰু সৌৰভ মৌচুম দিহিঙীয়াই ১৭ ৰাণ কৰে। সামৰণি অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী নন্দিতা গৰ্লোছা আৰু বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ লগতে এচিএৰ সভাপতি তৰংগ গগৈ, সম্পাদক ত্ৰিদিব কোঁৱৰ আৰু এ চি এ এপেক্স কাউন্সিলৰ সদস্যকে ধৰি এ চি এৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী নন্দিতা গৰ্লোছাই কয় যে এনে ধৰণৰ শৃংখলাৰ আয়োজনে অসম আৰু নেপালৰ মাজত ক্ৰীড়া সম্পৰ্ক আৰু অধিক মজবুত কৰাৰ লগতে আমাৰ খেলুৱৈসকলকো উচ্চ লক্ষ্যৰ বাবে অনুপ্ৰাণিত কৰিব। আনহাতে বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়- এই ছিৰিজত যি উচ্চ পৰ্যায়ৰ মনোভাৱ দেখা গ'ল, তাত ক্ৰিকেটৰ ক্ৰমবৰ্ধিত মানদণ্ড তথা প্ৰতিভাৰ গভীৰতাই প্ৰতিফলিত হয়।
মেচসমূহৰ প্ৰতিযোগিতামূলক মানদণ্ডই খেলৰ ক্ৰমবৰ্ধমান মানদণ্ডক প্ৰতিফলিত কৰে। "মোৰ দৃঢ় বিশ্বাস যে এনে আদান-প্ৰদানে যুৱ ক্ৰিকেটাৰসকলক উৎকৃষ্টতা আৰু ডাঙৰ সপোন দেখাৰ বাবে আৰু অধিক অনুপ্ৰাণিত কৰিব"- তেওঁ লগতে কয় এইদৰে।
এ চি এৰ সভাপতি তৰংগ গগৈয়ে কয়,এই ছিৰিজৰ সফল আয়োজন তথা পৰিচালন অসম ক্ৰিকেটৰ বাবে আন এক মাইলৰ খুঁটি স্বৰূপ। অসম দলটোক তেওঁলোকৰ উৎসাহী প্ৰদৰ্শনৰ বাবে অভিনন্দন জনোৱাৰ লগতে ক্ৰীড়াসুলভতাৰ বাবে তেওঁ নেপালৰ দলটোক ভূয়সী প্ৰশংসা কৰে।
উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ অসমৰ খেলুৱৈসকলৰ বাবে শ্ৰেষ্ঠ আন্তঃগাঁথনি, এক্সপ'জাৰ আৰু খেলৰ উচ্চ স্তৰীয় সা-সুবিধা তথা সুযোগ প্ৰদান কৰিবলৈ এচিএই অদম্যভাৱে কাম কৰি যাব বুলিও তেওঁ লগতে উল্লেখ কৰে।