নেপালত নিষিদ্ধ হ'ল ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপকে ধৰি ২৬ টা ছ'চিয়েল চাইট

নেপালত নিষিদ্ধ ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি বহু কেইটা ছচিয়েল মিডিয়া চাইট। দেশখনৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে এই সিদ্ধান্ত ৰাজহুৱা কৰিছে।

author-image
Asomiya Pratidin
New Update
নেপালত নিষিদ্ধ হ'ল ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপকে ধৰি ২৬ টা ছ'চিয়েল চাইট

ডিজিটেল ডেস্কঃ চুবুৰীয়া নেপালত নিষিদ্ধ হ’ল ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি বহু কেইটা ছচিয়েল মিডিয়া চাইট। বৃহস্পতিবাৰে দেশখনৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে চৰকাৰী এই সিদ্ধান্ত ৰাজহুৱা কৰিছে। তেওঁ জনোৱা মতে নেপাল চৰকাৰে নেপালত পঞ্জীয়নবিহীন সকলো ছচিয়েল মিডিয়া চাইট নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

মন্ত্ৰী গুৰুঙে, মন্ত্ৰালয়ৰ বিষয়া, নেপাল দূৰসংযোগ কৰ্তৃপক্ষৰ প্ৰতিনিধি, টেলিকম অপাৰেটৰ, ইণ্টাৰনেট সেৱা প্ৰদানকাৰী কোম্পানীয়ে অংশগ্ৰহণ কৰা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত ৰাজহুৱা কৰা হয়। বৈঠকত নেপাল দূৰসংযোগ কৰ্তৃপক্ষক পঞ্জীয়নবিহীন সামাজিক ছাইটসমূহ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে, যোৱা ২৮ আগষ্টত এম অ’ চি আই টিয়ে সাত দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মক যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিভাগত পঞ্জীয়ন কৰিবলৈ শেষ সময় নিৰ্ধাৰণ কৰি দিছিল। কোৱা হৈছিল যে, যিসমূহ ছচিয়েল মিডিয়া চাইটে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পৰা নাই, সেইবোৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মন্ত্ৰালয়ত পঞ্জীয়ন কৰিব লাগিব। 

নেপাল চৰকাৰে দেশখনত সকলো ছচিয়েল মিডিয়া চাইটৰ একোজনকৈ যোগাযোগ ৰক্ষা কৰিব পৰাকৈ বিষয়া তথা কাৰ্যালয় থকাটো বাধ্যতামূলক কৰিছিল। যাতে তেওঁ দেশখনৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ নিয়ন্ত্ৰণৰ নিৰ্দেশনা, ২০৮০ৰ অধীনত স্থানীয় নিয়মসমূহ মানি চলাটো নিশ্চিত কৰিব পাৰে। 

তাৰ মাজতে আদালত অৱমাননাৰ এক গোচৰৰ শুনানিত নেপালৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ চৰকাৰক নিৰ্দেশ দিছিল যে আনুষ্ঠানিক পঞ্জীয়ন অবিহনে নেপালত কোনো ছচিয়েল মিডিয়া প্লেটফৰ্ম চলিব নোৱাৰিব। ন্যায়ালয়ৰ এই নিৰ্দেশ অনুসৰণ কৰিয়েই যোৱা ২৫ আগষ্টত কেবিনেটে এই সন্দৰ্ভত এক জাননী জাৰি কৰাৰ সিদ্ধান্ত লয়।

বৃহস্পতিবাৰে অন্তিম সময়সীমা অতিক্ৰম কৰাত নেপালত বিভাগীয় দপ্তৰত পঞ্জীয়ন নকৰাৰ বাবেই ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, এক্স, ইউটিউব, ভাইবাৰ, বটিমকে ধৰি ২৬টা ছচিয়েল চাইট নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। অৱশ্যে  টিকটকৰ দৰে চাইটে ইতিমধ্যে দেশখনত নিজা প্ৰতিষ্ঠানৰ নাম পঞ্জীয়ন কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ আগষ্ট মাহত টিকটক নিষিদ্ধ কৰা হৈছিল। ২০২৫ চনৰ জুলাই মাহত দেশখনত অনলাইন জালিয়াতি আৰু অবৈধ ধন সৰবৰাহৰ বাবে 
টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছিল। 

সামাজিক মাধ্যম নেপাল