চি টেট পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে বিদ্যালয় চৌহদত কদৰ্য পৰিৱেশ

শিলচৰৰ দীননাথ নৱকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৭ ফেব্ৰুৱাৰীত চি টেট পৰীক্ষা সুকলমে সম্পন্ন হয় । দীননাথ নবকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খন ১৯২১ চনতে স্থাপিত হোৱা ১০৫ বছৰ গৰকি গ'ল ।

author-image
Asomiya Pratidin
New Update
59

ডিজিটেল সংবাদ, হাওৰাঘাট : শিলচৰৰ দীননাথ নৱকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৭ ফেব্ৰুৱাৰীত চি টেট পৰীক্ষা সুকলমে সম্পন্ন হয় । দীননাথ নবকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খন ১৯২১ চনতে স্থাপিত হোৱা ১০৫ বছৰ গৰকি গ'ল ।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এশ বছৰ গৰকি যোৱা উচ্চ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ উক্ত শিক্ষানুষ্ঠানটোৰ গেটখনৰ চৌহদত জাৱৰ জোথৰৰ আৱৰ্জনাৰে অপৰিষ্কাৰ অৱস্থাত থকৰ লগতে আৱৰ্জনাৰ কাষত এটা এন্দুৰ মৰি গেলি পচি আছে।উল্লেখযোগ্য যে এই শিক্ষা অনুষ্ঠানটোৰ প্ৰেক্ষাগৃহত ৭ ফেব্ৰুৱাৰীত চি টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ।

বিদ্যালয়খনত চি টেট পৰীক্ষা দিবলৈ বিভিন্ন ঠাইৰ পৰা বহু যুৱক যুৱতী অহাৰ আগমুহূৰ্তত চৌহদত থকা লেতেৰা আৱৰ্জনাসমূহ বিদ্যালয় কৰ্তৃপক্ষই পৰিষ্কাৰ কৰাৰ দৰকাৰ আছিল যদিও সেয়া কৰা পৰিলক্ষিত নহ'ল । ফলস্বৰূপে উক্ত এশ বছৰ গৰকি যোৱা বিদ্যালয়খনত চি টেট পৰীক্ষা দিবলৈ যোৱা বহু সচেতন যুৱক যুৱতী আৰু অভিভাৱকে বিদ্যালয়ৰ কৰ্তৃপক্ষক সমালোচনা কৰা দেখা গৈছিল ।

পৰীক্ষা