৮ আগষ্টত নেঘেৰীবিলৰ বেদখলকাৰীৰ ঘৰত চলিব প্ৰশাসনৰ বুলড'জাৰ

প্ৰায় ৭০ খন এস্কেভেটৰ লগতে কেইবা শতাধিক বনকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক সাজু হৈ উঠিছে। ইতিমধ্যেই মেৰাপানীৰ ৰাজহুৱা খেলপথাৰত বাহৰ পাতিছে প্ৰশাসনৰ লোক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মেৰাপানীঃ   মেৰাপানীৰ ২ নং নেঘিৰিবিলত চলিব বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। দৈয়াং বনাঞ্চলৰ ২ নং নেঘেৰিবিল গাঁৱত অবৈধভাৱে বেদখল কৰা ২০৫ টা পৰিয়ালক ঘৰ খালি কৰিবলৈ ৭ আগষ্টৰ দুপৰীয়া পৰ্যন্ত সময় বান্ধি দিছে বন বিভাগে।

Advertisment

ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে গোলাঘাট জিলা প্ৰশাসন আৰু বনবিভাগে। প্ৰায় ৭০ খন এস্কেভেটৰ লগতে কেইবা শতাধিক বনকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক সাজু হৈ উঠিছে। ইতিমধ্যেই মেৰাপানীৰ ৰাজহুৱা খেলপথাৰত বাহৰ পাতিছে প্ৰশাসনৰ লোক।

উল্লেখ কৰিব লাগিব যে কালিলৈ পুৱাৰে পৰাই ২ নং নেঘেৰিবিলত চলাব উচ্ছেদ অভিযান। ২ নং নেঘেৰিবিল গাঁও খালী কৰাৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে মাইকযোগে ঘোষণা কৰি অন্তিম সকীয়নি দিছিল।  

অসম বন সংৰক্ষণ বাহিনীৰ অধিনায়ক দেৱজীত দেউৰীৰ নেতৃত্বত বন বিভাগৰ এটা বৃহত দলে আজিও টহল দিয়ে ২ নং নেঘিৰিবিল গাঁৱত। যোৱা ২৪ জুলাই তাৰিখেই গাঁওখনৰ ২০৫ টা পৰিয়ালক সাত দিনৰ ভিতৰত ঘৰ খালি কৰিবলৈ উচ্ছেদৰ জাননী দিছিল বন বিভাগে।

অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পাছত গাঁওখনৰ ৫৭ টা পৰিয়ালক ঘৰ খালি কৰিবৰ বাবে অতিৰিক্ত সাত দিন সময় দিয়ে। সেই অনুসৰিয়েই  ৮ আগষ্টৰ পুৱা ৮ বজাৰ পৰা গাঁওখনৰ বেদখলকাৰীসকলক উচ্ছেদ চলাব বন বিভাগে।

ইতিমধ্যে জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বেই বয় বস্তু সামৰি নেঘিৰিবিল ত্যাগ কৰিছে। ইফালে শেহতীয়াকৈ গাঁওখনৰ ৫৯ টা পৰিয়ালক গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ ১৪ আগষ্ট পৰ্যন্ত সাত দিনৰ অতিৰিক্ত সময় প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

মেৰাপানী উচ্ছেদ অভিযান