ডিজিটেল সংবাদ,দিল্লীঃ দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়।
দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৰিহনাৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়।
এই বঁটা প্ৰদান কৰা সাংবাদিক সকল আছিল অৰুণীম ভূঞা, ৰীমা শৰ্মা, আৰু অথৌবা। নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্তিমটো সন্ধিয়াত এই বঁটা প্ৰদান কৰা হয় ৷
ইয়াৰ উপৰিও এন ই আৰ সম্পৰ্কীয় বিষয়সমূহত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে বিবিচিৰ জ্যেষ্ঠ সংবাদদাতা শচীন গগৈক সম্বৰ্ধনা জনোৱা হয়।দিল্লীৰ বিভিন্ন প্ৰান্তত নতুন উদ্যোগ স্থাপন কৰা উদ্যোগী ঋষিৰাজ বৰকোটকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানৰ জৰিয়তে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, উদ্যোগী সঞ্জীৱ নাৰায়ণ, অসমৰ অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তীকো অবিৰত সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।