/asomiyapratidin/media/media_files/2025/12/27/dfvdfdf-2025-12-27-23-44-02.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ নর্থ ইষ্ট এডুকেশ্যনেল ট্ৰাষ্ট (NEET) আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (PCBA)-ৰ যৌথ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত তৃতীয় বাৰ্ষিক শীতকালীন কৰ্মশালা আৰু শিশুমেলা সফলভাৱে সম্পন্ন হয়। কামৰূপ (মেট্ৰ’) আৰু শোণিতপুৰ জিলাত অনুষ্ঠিত এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল শিশুসকলৰ সমোলোচনামূলক চিন্তা, সৃজনশীলতা আৰু আত্মপ্ৰকাশৰ দক্ষতা বিকাশ। এইবছৰৰ মূল বিষয় আছিল— “আমাৰ সাংবিধানিক মূল্যবোধ”।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-23-45-03.jpeg)
এই কাৰ্যসূচীৰ অন্তৰ্গত তৰ্ক, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি, ৰচনা, পুথি পাঠ, গল্প কোৱা, চিত্ৰাঙ্কন, নাটক, নৃত্য, সংগীত, পুতলা নিৰ্মাণ আৰু পুতলা নাট আদি বিষয়ত বিভিন্ন ৱৰ্কশ্বপ অনুষ্ঠিত হয়।
কামৰূপ (মেট্ৰ’) জিলাত তিনিসপ্তাহ জুৰি চলা এই কাৰ্যসূচী ৮ ডিচেম্বৰত আৰম্ভ হৈ ২৩ ডিচেম্বৰত সমাপ্ত হয়। জিলাৰ চাৰিখন শিক্ষামূলক ক্লাষ্টাৰৰ অন্তৰ্গত ১৮খন চৰকাৰী বিদ্যালয়ত সাহিত্যিক ৱৰ্কশ্বপ অনুষ্ঠিত কৰাৰ লগতে NEET-ৰ কমিউনিটি লাইব্ৰেৰীতো বিশেষ অধিৱেশন আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2-2025-12-27-23-44-19.jpeg)
চৰকাৰী বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ পৰিচালনা কৰে বিশালদীপ কাকতিয়ে, কবিতা আবৃত্তিৰ পৰিচালনা কৰে অংকিতা গোস্বামীয়ে। কবিতা ৰচনা কৰ্মশালাৰ দায়িত্বত আছিল অপু ভৰদ্বাজ। আনহাতে, NEET-ৰ কমিউনিটি লাইব্ৰেৰীত চিন্ময়ী গোস্বামীয়ে তৰ্ক, ৰশ্মিৰেখা শৰ্মাই নাটক আৰু প্ৰিয়ংকা কাশ্যপে নৃত্য অধিবেশন পৰিচালনা কৰে।
ৱৰ্কশ্বপসমূহৰ অন্ত পৰাৰ পিছতে ২০ ডিচেম্বৰত উজান বজাৰৰ নবৰূপ সংঘ খেলপথাৰত অনুষ্ঠিত ক্ৰীড়া দিৱসৰ জৰিয়তে শিশুমেলাৰ শুভাৰম্ভ হয়। গুৱাহাটীৰ ৩০খন বিদ্যালয়ৰ ১৩০ৰো অধিক শিক্ষাৰ্থীয়ে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-pm-2025-12-27-23-44-34.jpeg)
শিশুমেলাৰ দ্বিতীয় দিনা, অৰ্থাৎ ২৬ ডিচেম্বৰত, ১৮খন বিদ্যালয়ৰ ১৪৮জন শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সাহিত্যিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৃতীয় আৰু অন্তিম দিনা, ২৭ ডিচেম্বৰত, সাহিত্যিক প্ৰতিযোগিতাৰ বিজয়ীসকলে নিজৰ বিজয়ী উপস্থাপনাৰে সমাপন অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত লাল সিং হাইস্কুলৰ শিক্ষাৰ্থীসকলৰ লগতে NEET-ৰ কমিউনিটি লাইব্ৰেৰীৰ নিয়মীয়া অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা দুখন মনোমুগ্ধকৰ নাট প্ৰদৰ্শিত হয়। সমাপন অনুষ্ঠানত প্ৰায় ৬০জন শিক্ষাৰ্থীৰ লগতে ১৩০ৰো অধিক অভিভাৱক, শিক্ষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2-2025-12-27-23-44-47.jpeg)
আনহাতে, এইবাৰৰ তৃতীয় সংস্কৰণৰ শীতকালীন ৱৰ্কশ্বপ-কাম শিশুমেলাত কামৰূপ (মেট্ৰ’) জিলাৰ ৩০খন বিদ্যালয়ৰ মুঠ ১,০১৬জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ২০২৩ চনৰ পৰা আৰম্ভ হোৱা এই উদ্যোগে এতিয়ালৈকে (শোণিতপুৰ জিলাত চলি থকা কাৰ্যসূচী বাদ দি) ২,৮৬২জনৰো অধিক শিশুৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us