/asomiyapratidin/media/media_files/2025/09/10/new-ap-web-2-17-2025-09-10-14-30-09.jpg)
ডিজিটেল ডেস্কঃ শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসমীয়া কবিতাত নৱ্য ৰূপ প্ৰদানকাৰী কবি নীলমণি ফুকনৰ কেইটিমান কবিতা সিংহলী ভাষালৈ অনুবাদ কৰাৰ প্ৰয়াস কৰা হৈছে।“Echoes of Assam” - নামৰ এই কবিতা সংকলনখন শ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক আৰু কবি অজন্তা সেনেভিৰত্নই অনুবাদ কৰিছে।
ফুকনৰ ৯৪ সংখ্যক জন্মদিন উদযাপন উপলক্ষে, আজি আয়োজিত হ’বলগীয়া এক অনুষ্ঠানত এই গ্ৰন্থখন প্ৰকাশিত হ’ব। অনুবাদ প্ৰকল্পটিৰ উদ্যোগ লোৱা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালক অধ্যাপক অংকুৰণ দত্তই গ্ৰন্থখনৰ প্ৰস্তাৱনাত লিখিছে—“কবি নীলমণি ফুকনৰ কবিতা সিংহলীলৈ অনুবাদ কৰিবলৈ শ্ৰীলংকাৰ খ্যাতনামা ঔপন্যাসিক আৰু কবি অজন্তা সেনেভিৰত্নই বিশেষ অৱদান আগবঢ়াইছে। তেওঁ কৃষ্ণ দুলাল বৰুৱাই ইংৰাজীত অনুবাদ কৰা কবিতাবোৰৰ পৰা বাছনি কৰি সিংহলীলৈ তৰ্জমা কৰিছে।
তেওঁৰ প্ৰয়াস কেৱল প্ৰশংসাৰেই পাত্ৰ নহয়, দক্ষিণ এছিয়াৰ কোনো বিদেশী ভাষালৈ প্ৰথমবাৰৰ বাবে ফুকনৰ কবিতা অনুবাদ হোৱাৰ গুৰুত্বপূৰ্ণ পদক্ষেপত তেওঁৰ নাম স্মৰণীয় হৈ ৰব। ইয়াৰ দ্বাৰা অসমীয়া কবিতা আৰু আন দক্ষিণ এছিয়াৰ সাহিত্যিক পৰম্পৰাৰ মাজত এক সাঁকোৰ সৃষ্টি হব, তেওঁৰ কবিতাৰ বিশ্বজনীনতা বিদেশলৈ বিয়পি পৰিব।
এই প্ৰসংগত তেওঁ অনুবাদৰ অনুমতি প্ৰদান কৰা অমিতাভ ফুকনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই সহায়তাই ফুকনৰ কবিতাক ভাষাৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম কৰি বিশ্বত প্ৰাসংগিক কৰাৰ সুযোগ সৃষ্টি কৰিব ।
১৯৩৩ চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰা কবি ফুকনে ১৯৫০ দশকৰ আৰম্ভণিত কবিতা ৰচনা আৰম্ভ কৰিছিল আৰু আধুনিক অসমীয়া সাহিত্য বিকাশত বিশেষ বৰঙণি যোগাইছিল।ফুকনৰ কবিতা সৰল যেন দেখিলেও ইয়াৰ দাৰ্শনিক গভীৰতা অতি প্ৰগাঢ়।
তেওঁ প্ৰকৃতি আৰু পৌৰাণিক ধাৰণাসমূহৰ সম্পৰ্কে লিখিছিল। জুই, পানী, সময়, আকাশ, জীৱন আৰু মৃত্যু—এই মূল বিষয়বোৰৰ আবাহন তেওঁৰ কবিতালৈ বাৰে বাৰে আহে।তেওঁৰ কবিতা গ্ৰাম্যজীৱনৰ ছন্দ আৰু অসমীয়াৰ লোকসাহিত্যৰে পুষ্ট।
সমকালীন অসমৰ সামাজিক চাপ প্ৰকাশ কৰি তেওঁৰ কবিতাত এই মাটিৰ সৌন্দৰ্য্য আৰু সাংস্কৃতিক ঐতিহ্য নিখুঁতভাৱে ধৰা দিয়ে। অসমীয়াৰ লগতে ভাৰতীয় সাহিত্যত ফুকনৰ অবদান অমূল্য। ১৯৮১ চনত তেওঁৰ কবিতা নামৰ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
১৯৯০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ সুকীয়া অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। জীৱনযোৰা সাধনাৰ স্বীকৃতি দি ২০২১ চনত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটা জ্ঞানোপীঠৰে সন্মানিত কৰা হয়।
ফুকনে অনুবাদ সাহিত্যতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। জাপানী আৰু ইউৰোপীয় কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি সাহিত্যক সমৃদ্ধ কৰিছিল। ভাৰতীয় সাহিত্যৰ লগতে বিশেষকৈ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বিশাল অৱদান আগত ৰখা নীলমণি ফুকন ২০২৩ চনৰ ১৯ জানুৱাৰীত পৰলোকগমন কৰে।
“Echoes of Assam” সঙ্কলনত নীলমণি ফুকনৰ ২০টা কবিতা সিংহলী ভাষাত প্ৰকাশিত হৈছে। গ্ৰন্থখনৰ বেটুপাত নীলমণি ফুকনৰ কবিতাৰ গভীৰতাক প্ৰতিফলিত কৰি অধ্যাপক জগত ৰৱীন্দ্ৰই আঁকিছে।