Advertisment

সুস্থ পৰ্যটন কেন্দ্ৰ গঢ়াৰ লক্ষ্য অসম গৌৰব বঁটা প্ৰাপ্ত নীলম দত্তৰ

দেশ-বিদেশৰ গৱেষকে ৰাজ্য চৰকাৰে অসম গৌৰব বঁটা আগবঢ়োৱা বিশ্বনাথৰ পাভৈ নিবাসী যুৱ কৃষক নীলম দত্তৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি অভিজ্ঞতা অৰ্জন কৰিছে।

author-image
Asomiya Pratidin
New Update
xccxc

ডিজিটেল সংবাদ,বিশ্বনাথঃ   বিশ্বনাথৰ পাভৈ গ্ৰীণচ নামৰ কৃষি ক্ষেত্ৰখন বৰ্তমান বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণ, থলুৱা শাক-পাচলি বীজ মজুতকৰণ,মৎস্য উৎপাদন আদিৰে জৈৱিক ফচল উৎপাদন আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে। দেশ-বিদেশৰ গৱেষকে ৰাজ্য চৰকাৰে অসম গৌৰব বঁটা আগবঢ়োৱা বিশ্বনাথৰ পাভৈ নিবাসী যুৱ কৃষক নীলম দত্তৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি অভিজ্ঞতা অৰ্জন কৰিছে।

Advertisment

শাক পাচলিৰ বীজ আৰু পুৰণি ধানৰ সঁ‌চৰ সংৰক্ষণত বিশেষভাবে গুৰুত্ব আৰোপ কৰা নীলম দত্তই এইবাৰ বীজ উৎপাদনত গুৰুত্ব প্ৰদান কৰিব। যাৰ বাবে তেওঁ নিজৰ পামত কৰিছিল ৰং বিৰঙৰ ১৪০বিধ প্ৰজাতিৰ বিলাহী। কোনোবাটো ২০০গ্ৰামৰ পৰা ২৫০গ্ৰাম পৰ্যন্ত। মাৰ্বল গুটি বা হালধীয়া কাঁচি বগৰীৰ  দৰে এই বিলাহী বোৰে সহজতে সকলোৰে দৃষ্টি কাঢ়ি নিয়ে।

এতিয়া দত্তৰ কৃষি পাম পাভৈ গ্ৰীণত এই বিহালিৰ বীজ জনপ্ৰিয় হৈছে।-নীলম দত্তই এই বিলাহীৰ বীজ অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ ইতিমধ্যে সৰবৰাহ হৈছে। নীলমে এই বিলাহীৰ উপৰি ধানক ধৰি বিভিন্ন প্ৰজাতিৰ বীজ সংৰক্ষণ কৰিছে। ইয়াৰ উপৰি কেইবাটাও প্ৰজাতিৰ কবিৰ বীজ উৎপাদনৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত তেওঁ মহিলাৰ মাজত গোট গঠন কৰি কবি বীজ পৰীক্ষামূলক ভাবে উৎপাদন কৰাত সফল হৈছে।

কবিৰ উপৰি বিভিন্ন প্ৰজাতিৰ জলকীয়া, জিকা, গাজৰ, বেনেঙা,মূলা,কবি আদিৰ বীজ উৎপাদন কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কৃষকক যোগান ধৰিবলৈ সক্ষম হৈছে এইজন যুৱক। অসমৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া ,ডিব্ৰুগড়,হাইলাকান্তি আৰু কাছাৰ জিলাত দত্তৰ জৰিয়তে বীজ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি নেগতাম নামৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বীজ যোগানৰ ব্যৱস্থা কৰা হৈছে।

নীলমে নিজা ববীয়াকৈ শস্যত প্ৰয়োগৰ উপযোগী ভিটামিন প্ৰস্তুতিৰ পৰিকল্পনা আৰম্ভ কৰিছে। ইয়াৰ  বিশেষকৈ জৈৱিক কৃষি কৰ্মক গুৰুত্ব দি অহা নিলমে কেঁচু সাৰ উৎপাদন কৰি সফলতা লাভ কৰি আহিছে। বৰ্তমান নীলমে অভিলেখ সংখ্যক কেঁচু সাৰ বাহিৰলৈ প্ৰেৰণ কৰি আশাৰ বতৰা কাঢ়িয়াই আনিছে। ইয়াৰ উপৰি নীলমৰ কৃষি পামত আছে কুৰি তাৰো অধিক পুখুৰী।যত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মাছ  বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ পাম খনত ৩০/৩৫ জন নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে।

 নীলম দত্তৰ এই পামত আছে ২৫/৩০জনী উন্নত মানৰ গাই গৰু। ইয়াৰ পৰা গাখীৰ উৎপাদন কৰিও লাভৱান হয় তেওঁ। ধান খেতি আৰু অন্যান্য খেতিৰ লগতে মধুৰীয়াম আদি ফলমূলৰ খেতি কৰিও যথেষ্ট লাভবান হৈছে তেওঁ। শেহতীয়াকৈ তেওঁৰ পিতৃ প্ৰয়াত হেমেন দত্তই ১৯৮৬-৮৭ চনত আৰম্ভ কৰিছিল এই ফাৰ্ম খন।প্ৰথমে মীন আৰু কুকুৰাৰ ফাৰ্ম হিচাবে গঢ় দিয়া ফাৰ্ম খনক এতিয়া বহুমুখী কৃষি পামলৈ পৰিৱৰ্তন কৰিছে নীলমে।

এই ক্ষেত্ৰ খনত আগবাঢ়িবজোৱাৰ ক্ষেত্ৰত নীলমৰ মাতৃ আৰু পৰিবাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। বৰ্তমান ১২ হেক্তৰৰো অধিক এই পাম খন পৰিৱেশ আৰু বন্ধুত্ব মূলক পৰ্যটন কেন্দ্ৰ হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা চলাইছে। যাৰ বাবে বিদেশী পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহী গৃহ। পৰ্যটনৰ বাবে তেওঁ টকৌ পাত, বাঁহ আদিৰে শেহতীয়া ভাবে সাজিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাং ঘৰ।

ভিতৰত জুই সেক লোৱা ব্যৱস্থা থকা এই ঘৰটোত ধুনীয়াকৈ সজাই তোলা হৈছে আলহী থাকিব পৰা আৰু বহিব পৰা কোঠা। ইয়াৰ উপৰি প্ৰতি বছৰ দেশ বিদেশৰ পৰা আৰু স্থানীয় ভাৱে বহু লোকে প্ৰত্যক্ষ কৰে নীলমৰ এই সুন্দৰ পাম খন। পামত থকা প্ৰশিক্ষণ কেন্দ্ৰত বিভিন্ন কৃষকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে এইজন যুৱ কৃষকে। প্ৰশিক্ষণত অংশ গ্ৰহণৰ বাবে অহা প্ৰশিক্ষাৰ্থীয়ে পামত থকাৰ ব্যৱস্থাও কৰিছে নীলমে।

নীলম দত্ত