নেডফি কনভেনচন চেণ্টাৰত গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নেডফি কনভেনচন চেন্টাৰত অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজীত ৰচিত গ্ৰন্থ “কালাৰচ্‌ অৱ লাইফ”ৰ শুভ উন্মোচন কৰা হয় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে ” আৰু সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী” গীতটি পৰিৱেশন কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আছাম ৰাইফলচৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা। 

WhatsApp Image 2025-12-02 at 8.31.41 AM

আমন্ত্ৰিত অতিথি অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ,বিশিষ্ট লেখক ঔপন্যাসিক ধ্ৰুৱ হাজৰিকা সম্বনিতে উপস্থিত থকা অৰ্ধশতাধিক সাহিত্যানুৰাগীৰ উপস্থিতি উন্মোচিত হোৱা “কালাৰচ অৱ লাইফ” হ'ল লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ সামৰিক জীৱনৰ দীৰ্ঘকালৰ অভিজ্ঞতাৰ ফচল। গ্ৰন্থ খনত সন্নিৱিষ্ট মুঠ ৪৬ টা লেখাৰ অৰ্ধেক সংখ্যক লেখাত আছে এজন সেনা বিষয়াৰ সামৰিক জীৱনৰ সৰু বৰ অভিজ্ঞতাৰ এক দলিল ৷ আনহাতে গ্ৰন্থখনৰ আন অংশত বৰ্ণিত হৈছে অৱসৰকালীন সময়ছোৱাত লেখকে  লগ পোৱা চহৰ আৰু গ্ৰাম্যাঞ্চলৰ সাধাৰণ মানুহৰ জীৱনৰ ক্ষুদ্ৰ অথচ সংবেদনশীল মূহুৰ্তৰ সাৱলীল বৰ্ণনা। 

WhatsApp Image 2025-12-02 at 8.31.41 AM

বিশিষ্ট অতিথি লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰাই মন্তব্য কৰে যে,  সামৰিক বাহিনীত লগ পোৱা ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ এজন পৰিশীলিত ন্যায়পৰায়ণ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত লেখক হিচাপেও তেওঁ সফল ৷ কাৰণ লেখক ৰঞ্জিত বৰঠাকুৰে নিজৰ কলমত সেনা জোৱান আৰু নিজৰ মাতৃভূমিৰ প্ৰতি থকা আত্মীয়তাক অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ সাহিত্যক ধ্ৰুৱ হাজৰিকাই “কালাৰচ্‌ অৱ লাইফ” সম্পৰ্কে এক সম্যক ধাৰণা আগবঢ়োৱাৰ সমান্তৰালকৈ এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) অঞ্জন গগৈয়ে গ্ৰন্থখনৰ সন্দৰ্ভত এক সুন্দৰ আলোচনা আগবঢ়ায় ৷ উপস্থিত দৰ্শকসকলৰ ভিতৰৰ পৰা বুদ্ধিজীৱী ময়ূৰ বৰাই এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা সম্পৰ্কত এক মননশীল মন্তব্য আগবঢ়াই। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ পাতনিৰে আকৰ্ষণীয় বেটুপাতৰ  “কালাৰচ্‌ অৱ লাইফ”লেখক ৰঞ্জিত বৰঠাকুৰে বাস্তৱৰ কেনভাচত  মানুহৰ সুখ-দুখ ,হাঁহি-বিষাদৰ ৰঙেৰে অংকন কৰা জীৱনৰ  এক অনুপম কলাজ  বুলি অভিহিত কৰে। 

নেডফী