/asomiyapratidin/media/media_files/2026/02/19/152-2026-02-19-11-18-27.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। নিশা গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত মেহেৰপুৰ বাইপাছত অভিযান চলাই আৰক্ষীয়ে এখন বাহনৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰে।
এখন মাৰুতি ছুইফ্ট ডিজেয়াৰ বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা হেৰ'ইনভৰ্তি ৫৫ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা মুঠ ৬৭৫ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৪.৫ কোটি টকা বুলি অনুমান কৰা হৈছে।
ইফালে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। ধৃত ব্যক্তিজনৰ নাম সঞ্জীৱ আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে। বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us