বাতিল কৰা সকলো বিমানৰ টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ'ই

দেওবাৰে নিশা ৮ বজাৰ ভিতৰত টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ'ই। যদি নিদিয়ে তেন্তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 8.38.49 PM

ডিজিটেল ডেস্কঃ ইণ্ডিগ' বিমানক লৈ আহি পৰিছে নতুন খবৰ। দেওবাৰে নিশা ৮ বজাৰ ভিতৰত বাতিল কৰা সকলো বিমানৰ টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ'ই। ইপিনে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ব্যক্তিগত বিমান সংস্থাটোক দিছে এই কঠোৰ নিৰ্দেশনা।

উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ইণ্ডিগ'ৰ বিমান সেৱা ৫ দিন ধৰি ব্যাহত হৈ পৰিছে। শুক্ৰবাৰে লাভ কৰা তথ্যৰ ভিত্তিত ১০০০ৰ ত কৈও অধিক বিমান বাতিল কৰা হৈছিল। হাজাৰ হাজাৰ বিমানযাত্ৰীৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইপিনে বিমানবন্দৰসমূহতো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। 

IndiGo flights cancelled: Airfares ...

প্ৰণিধানযোগ্য যে, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ'ই। যদি নিদিয়ে তেন্তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ইপিনে শেষ মুহূৰ্তত বিমান বাতিলৰ বাবে যিসকল যাত্ৰীৰ লাগেজ পৃথক কৰা হৈছিল তেওঁলোকৰ লাগেজ ৪৮ ঘণ্টাৰ ভিতৰত ঘূৰাই দিবলৈ ইণ্ডিগ'ক নিৰ্দেশ দিয়ে। 

IndiGo flights to be cancelled on ...

ইণ্ডিগ' বিমান