/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/corona-virus-main-update-face-pic.jpg)
ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন জাৰি কৰাৰ পাছতো প্ৰতিদিনাই কোভিড-১৯ত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ আছে। উল্লেখ্য যে, দেশত বৰ্তমানলৈ 37776জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত কোভিড-১৯ত আক্ৰান্ত হৈছে ২৪১১জন লোক। আৰু এই সময়চোৱাত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭১জনৰ। অৱশ্যে ২ মে'লৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ১০০১৮জন লোক।